পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
পুৰণি অসমীয়া সাহিত্য


তোমাৰ মিতাৰ শাস্ত্ৰ কবিতা গুচাবযে খোজে, আমি ধৰো গোৰত, তুমি হোৱা আগে। তেহে আদ্যে উত্তৰা কৰিছে। কাপোৰ-গাৰি দৰে আগভাগাৰ সমে ৰ’ল, উপদেশ আঁচুফুল হ’ল। আগে উপদেশ নাই ‘শুভ’ ‘শুভ’হৈ আছিল আধ্যাত।”

 মাধৱ কন্দলিৰ ছপা ৰামায়ণত এতিয়াও শঙ্কৰদেৱ আৰু মাধৱদেৱৰ উত্তৰা আৰু আদিকাণ্ড সন্নিৱেশিত হৈ আছে। মাধৱ কন্দলিয়ে এই দুই কাণ্ড নিজেও ৰচনা কৰিছিল নে নাই তাৰ প্ৰমাণ নাই, কিন্তু পুৰণি ভক্তসকলে যে এই দুই কাণ্ডৰ সন্নিৱেশ ভক্তিৰ আঁচূফুল বুলি ধৰি লৈছিল, সেই বিষয়ত সন্দেহ নাই।

 ভাটী অঞ্চলৰ নাৰায়ণ দাসে (শেষত ঠাকুৰ আতা নামে খ্যাত ) যেতিয়া পাটবাউসীলৈ শঙ্কৰদেৱৰ ওচৰত ধৰ্ম ধৰিৰলৈ আহে, তেতিয়া শঙ্কৰদেৱে সেই অঞ্চলৰ প্ৰধান প্ৰধান মানুহসকলৰ পৰিচয় সুধিলে। নাৰায়ণ ঠাকুৰে পীতাম্বৰ নামৰ কবিৰ পৰিচয় দি ক’লে যে, তেওঁ দশমৰ পদ ভাঙিছে। নাৰায়ণ দাসে শঙ্কৰদেৱৰ আদেশ অনুসাৰে ৰুক্মিণী-হৰণৰ পদ কেইফাকি মাতি শুনালে। তাৰ ভিতৰত এফাকি আছিল “কোন অঙ্গে খুন দেখি নাইলা যদুমণি।” ৰুক্মিণীদেৱীয়ে শ্ৰীকৃষ্ণ অহাত পলম হোৱা দেখি এইদৰে বিলাপ কৰি কান্দিছে। পদ শুনিয়েই শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰক আৰু পদ গাবলৈ হাক দি ক’লে,

গৰ্ব্ব-পৰ্ব্বতত সিটো উঠিয়া আছয়॥
ধৰ্ম্ম ধৰিবাৰ সিটো যোগ্য নোহে লোক।

 পদফাকিত পৰমপুৰুষৰ প্ৰেমত বিভোল ৰুক্মিণীদেৱীক যি কদৰ্য নায়িকাৰ দৰে চিত্ৰিত কৰা হৈছে সি নিষ্কাম ভক্তি-ধৰ্ম-প্ৰৱৰ্তক শঙ্কৰদেৱৰ মানত নগ্ন কামুকতাৰ নিলাজ বুভুক্ষাৰ দৰে প্ৰতিভাত হ’ল।

 বৰগীত আৰু পুৰণি সাহিত্যৰ আন আন গীতবোৰৰ পাৰ্থক্য এয়ে। বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত। সেই কাৰণেই সেইবোৰক ‘বৰ’ গীত বোলা হয়।