১৮ পাৰ্ছি যুচ খোৱাই খাইছে, নচাই নাচিছে, গান গোৱাই গান গাইছে, বাজ নাৱালাই বিবিধ বাজ না বজাইছেঃ—এইদৰে অতি সমৰো- হৰ মাজত শুভ-বিবাহ সমাধা হৈ গ'ল। ক্ষন্তেক পিচতে লগত এদল সু-সজ্জিত সৈন্য লৈ বৃদ্ধ সম্রাট এক্ৰিছিয়াছ আহি উপ- স্থিত ৷ কথাতে কয় বোলে 'দিনটো যায় ক্ষণটো নেযায়' । এনে আনন্দৰ ক্ষণত দলে-বলে এক্ৰিছিয়াছক দেখা পাই ৰজা - প্ৰজা গোটেইবোৰ ভয়ত নিমাত হল। এক্রিছিয়াছে নাতি পাৰ্ছি য়ছক চিনিব পৰা নাই, পাছি য়ছেও তেওঁৰ কঁকাক এক্ৰি- ছিয়াছক চিনিব পৰা নাই। এই অচিনাকি ভাৱতে এক্ৰি- ছিয়াছে পাছি'য়ুছক খঙেৰে সুধিলে, “যুবক, কুঁৱৰী এণ্ডো- মিডাৰ পূৰ্ব্ব-পাণিপ্রার্থী মই হে, তুমি নহয় । যি দিনাই ামিডাই নাৰী-সৌন্দর্য্য প্রতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল, সেই দিনাই মই ভবিষ্যতে মোৰ সম্ৰাজ্ঞী কৰি- বলৈ আলচি থৈছিলো । সেই দেখি এতিয়া তুমি এণ্ড্রোমিডাক মোৰ হাতত সমৰ্পণ কৰিব লাগে। জানানে যুবক, মই কোন ? মই গ্ৰীচ সাম্ৰাজ্যৰ বাহুবলী সম্রাট এক্ৰিচিয়াছ, যাৰ ত্ৰাসত গোটেই পৃথিবীৰ ৰজাসকল থৰহৰি কম্পমান । এঙ্গো - পাৰ্ছিয়ছে এতিয়া এক্ৰিছিয়াছক ভালকৈ চিনি পালে । মাকৰ মুখৰ পৰা শুনা এটাইবোৰ কথা তেওঁৰ মনত পৰিল । তেওঁ উত্তৰ দিলে,— “সম্রাট ! বিয়া নকৰোৱালৈকে জীয়াৰী ছোৱালীৰ পাণিপ্ৰাৰ্থী বহুতো হব পাৰে, কিন্তু বিয়া নকৰালে তেওঁৰ কিহৰ দাবী? সামাজিক প্রথামতে এণ্ড্রোমিডাক মইহে বিয়া কৰাইছোঁ, তেনেস্থলত তেওঁ মোৰ ধৰ্ম্ম-পত্নী নহৈ আন
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/২৪
অৱয়ব