পাৰ্ছি য়ুছ ১৭ গৰৰ ভিতৰত এখন তুমুল যুদ্ধ লাগিল । কিছুপৰৰ পিচত অজগৰটোৱে হাৰি পলাবলৈ আয়োজন কৰোতেই পাৰ্ছিয়ুছে ধৰি আনি তাক কচুকটা দিলে। চাই থাকোঁতেই চকুৰ আগতে এনে এটা কাণ্ড ঘটা দেখি আটাইবোৰ প্ৰজা বৰ আচৰিত হ'ল৷ মানুহ নে দেৱতা একো বুজিব নোৱাৰি ৰজা-প্ৰজা আটায়ে পাৰ্ছিয়ুছৰ ওচৰলৈ গৈ আঁঠু লৈ তেওঁৰ পৰিচয় খুজিলে। পাৰ্ছিয়ুছে আঁতি-গুৰিৰ কথা কৈ সম্পূৰ্ণ পৰিচয় দিয়াত আটায়ে অতি আনন্দিত হল আৰু তেওঁৰ জয়ধ্বনি কৰি বিৰাট শোভাযাত্ৰাৰ মাজত কুঁৱৰী এণ্ডোমিডাৰে সৈতে ৰাজ- হাউলীলৈ লৈ গৈ দিন চেৰেকৰ নিমিত্তে তাত আলহী ৰাখিলে । এইদৰে দিন-দিয়েক কটোৱাৰ পিচত পাৰ্ছিয়ুছে এণ্ডোমিডাৰ অপৰূপ ৰূপ-লাৱণ্য দৰ্শন কৰি একেবাৰে আপোন-পাহৰা হল । ইপিনে কুঁৱৰী এণ্ডোমিডায়ো তেওঁকে বিয়া কৰাবলৈ ঐকান্তিক ইচ্ছা প্ৰকাশ কৰাত ৰজা চিফিয়াছে খুব আনন্দ মনেৰে শুভ দিন-বাৰ চাই মহাসমাৰোহেৰে বিয়াৰ আয়োজন কৰিলে - দহ- বসন্ত কাল ! প্রকৃতিদেৱীয়ে সেউজীয়া ৰঙৰ সাজ-পাৰ পিন্ধি কুলি-কেতেকীৰ সুমধুৰ সুৰত আপোন-পাহৰা । মাজে মাজে মলয়াৰ এচাটি সু-শীতল বাই গা-মন জুৰ পেলাই যায় ৷ এনে মনোমোহা বতৰত, বীৰ পাৰ্ছি য়ুছৰ লগত এণ্ড্রোমিডাৰ শুভ-বিবাহ । ৰাজ্যৰ আটাইৰে মৰমৰ ছোৱালী এণ্ডোমিডাৰ বিয়া উপলক্ষে দেশজুৰি প্ৰজা নিমন্ত্ৰিত হৈছে। বিয়া ঘৰত
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/২৩
অৱয়ব