পাৰ্ছি য়ুছ ১৩ লক্ষ্য কৰি উমানে উমানে উৰিব ধৰিলে। পাৰ্ছিয়ছে ভালেমান পৰ অগীয়া-বগীয়া দি আঁতৰৰ পৰা কলে,—“তোমালোকে বৃথাই পৰিশ্ৰম কৰিছাহঁক। মেডুছাৰ থকা ঠাই ডোখৰৰ সম্ভেদ নিদিলে চকু কেতিয়াও ওভোতাই নোপোৱাহঁক । যদি সোনকালে পাব খোজা তেনেহলে এতিয়াই কৈ দিয়া মেডুছাৰ থকা ঠাই ক'ত ? ” শেহান্তৰত সিহঁতে মেডুছাৰ থকা ঠাই ডোখৰৰ কথা কৈ দিবলৈ বাধ্য হ'ল। পাৰ্ছিয়ুছে মেডুছাৰ বিষয়ে পৰিপাটিকৈ জানি লৈ চকুটো ওভোতাই দিলে আৰু বেগেৰে আকাশেদি যাবলৈ ধৰিলে ৷ —সাত— দিনচেৰেক যোৱাৰ পিচতে পাৰ্ছিয়ুছে মেডুছাৰ থকা ঠাই পালেগৈ। তেতিয়া মেডুছাই লগত কেইজনীমান গনৰে সৈতে তপত বালি কিছুমানৰ ওপৰত শুই আছিল ৷ পাৰ্ছি- য়ুছে ঢালৰ ওপৰত মেডুছাৰ এই প্ৰতিবিম্বটো দেখি ততালিকে তললৈ নামি আহিল আৰু হাতত সাৰে ভৰিত সাৰে আহি একেধাপে মূৰটে৷ কাটি মোনা এটাত ভৰাই লৈ বায়ুবেগেৰে যাবলৈ ধৰিলে। এনেতে মেডুছাৰ গাচোৱাই ধ-ফৰ, ধাৰ-ফাৰ, কৰোঁতে লগতে শুই থকা বাকী কেইজনী গৰ্জনৰ টোপনি ভাগিল। সিহঁতে মেডুছাৰ এনে অৱস্থা হোৱা দেখি ততালিকে হত্যাকাৰীক ধৰিবৰ কাৰণে খেদি গ'ল কিন্তু যমৰ মুকুটটোৰ সহায়েৰে শূন্যতে লুকাব পৰা দেখি পাৰ্ছি- য়ুছৰ একো অনিষ্ট নহল । অৱশেষত সকলো বিপদ-বিঘিনি
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/১৯
অৱয়ব