সমললৈ যাওক

পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

18 পাছি য়ুছ হেলাৰঙে অতিক্ৰম কৰি পাৰ্ছিয়ুছে ঘৰ অভিমুখে উৰিব পৰিলে। এইদৰে মেডুছাৰ মূৰ কাটি ঘূৰি আহোতে পাৰ্ছি- য়ুছে আৰু এটা দুঃসাহসিক কার্য্য সমাধা কৰে । ইয়াক সাধন কৰি তেওঁ চিৰকাল ভোগ কৰিব পৰাকৈ এটি সুন্দৰ বস্তু লাভ কৰে। বাটত আহোতে কেনেকৈ এই ঘটনা ঘটিবলৈ পায়, এই বিষয়ে এতিয়া কোৱা হওক । –আঠ— গ্ৰীচ দেশৰ দক্ষিণে থকা ভূমধ্যসাগৰৰ কোনো এটা দ্বীপত চিফিয়াছ নামে এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ সতি-সন্ততিৰ ভিতৰত এণ্ড্রোমিডা নামেৰে মাথোন এজনী ছোৱালী আছিল । এণ্ডোমিডা সেই কালত গোটেই গ্ৰীচ সাম্ৰাজ্যৰ ভিতৰত এজনী আটাইতকৈ ৰূপৱতী আৰু গুণৱতী কন্যা। তেওঁৰ ৰূপ দেখি মানুহৰ কথাকে নকওঁ আনকি স্বৰ্গত থকা বৰুণ দেৱতাও পাণিপ্রার্থী হবলৈ বিচাৰিছিল । দুর্ভাগ্যবশতঃ বিফল মনোৰথ হয় ৷ । এতিয়া যি কালৰ কথা কোৱা হৈছে, সেই কালত গ্রীকবোৰে সাগৰত থকা জলকুঁৱৰীবোৰক বৰ ৰূপৱতী আৰু ক্ষমতাশালী বুলি পূজা-পাতল কৰিছিল। সেই জলকুঁৱৰীবোৰ ইমান অহঙ্কাৰী আছিল যে যদি কোনোবা গ্রীকে কোনো মানুহৰে সৈতে সিহঁতৰ ৰূপৰ লগত তুলনা কৰে, তেন্তে সিহঁতে অসন্তুষ্ট হৈ তেওঁলোকৰ ওপৰত নথৈ জুলুম কৰে ৷ সেই কাৰণে এই আশঙ্কাত কোনো গ্রীকে কেতিয়াও জলকুঁৱৰীৰ