পাৰ্ছিয়ুছ এই কামটো কৰিবলৈ গাত লোৱাৰ আগতে গৰ্গনৰ বিষয়ে ভালকৈ জনাটো উচিত আছিল। গগনবোৰৰ বল-বিক্ৰমৰ কথা একোকে নেজানা বুলিয়েই বোধ কৰো কামটো বৰ উজু বুলি ভাবি হাতত লৈছিলা। প্রকৃতপক্ষে কামটো সহজ নহয়। তথাপিও তাক সমাধা কৰিবলৈ যেতিয়া গাত ল'লা, এনে- স্থলত ক্ষন্তেক পিচতে হতাশ মনেৰে হাত সাবটি বহি থকাতো বীৰোচিত নহয়। তুমি এজন বীৰ, দেৱতাৰ ঔৰসত তোমাৰ জন্ম ; এনেস্থলত তোমাৰ কাৰ্য্য সম্পাদনত আমি তোমাক সৰ্ব্বতোভাৱে সহায় কৰিম । আমাৰ সহায় পালে নিশ্চয় তাক সমাধা কৰিব পাৰিবা । এতিয়া মই গৰ্গনৰ বিষয়ে কওঁ শুনা — - “মহাসমুদ্ৰৰ মাজৰ কোনো এটা দ্বীপত কেইজনীমান বাই-ভনী বাস কৰে ৷ সিহঁতৰ বাহিৰে সেই দ্বীপত আন উন্নত প্রাণী কোনো নেথাকে বুলিলেই হয় । এই জন-প্ৰাণী- হীন দ্বীপটোলৈ যাবলৈ কোনেও সাহ নকৰে ৷ মানুহ, গৰু, বাঘ, পহু, মাছ, মগৰ আদি যিহকে পায় তাকে খাই সিহঁতে জীৱন ধাৰণ কৰে ৷ এই বাই-ভনী কিজনীৰ নাম মেডুছা, স্থিন, ইউৰিয়েল ইত্যাদি । সিহঁতৰ মুখবোৰ দেখিবলৈ সাই- লাখ আপেশ্বৰীৰ নিচিনা ধুনীয়া, কিন্তু গাবোৰ কঁকালৰ তলৰ পৰা সাপৰ দৰে ক্ৰমান্বয়ে মিহি । গাত ছালৰ সলনি মাছৰ দৰে ডাঠ বাকলি আছে ৷ হাতবোৰ লোৰ দৰে টান । মূৰত চুলিৰ সলনি অসংখ্য বিষাক্ত সাপে জীভা উলিয়াই উলি- য়াই মেৰ খাই থাকে । এই আটাইবোৰতকৈ ভয়ানক সিহঁতৰ
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/১৪
অৱয়ব