পাছিয়ুছ বৰ সহজ বুলি অনুমান হলেও এভিয়া তেওঁৰ মনত বৰ অসন্তৱ যেন বোধ হল । তেওঁ বেচকৈ বুজিব পাৰিলে সেই দুঃসাহসিক কাৰ্য্য সম্পাদনত মৃত্যু সু-নিশ্চিত। কিন্তু এতিয়া কি কৰিব? তেওঁ যে বীৰ । বীৰে প্ৰাণ দিও প্রতিজ্ঞা ৰাখে৷ এনেস্থলত তেওঁ যদি প্ৰাণৰ ভয়ত উভতি গুচি যায় তেনেহলে এজন বীৰৰ পক্ষে তাতোকৈ আৰু ডাঙ্গৰ অপমান একো হব নোৱাৰে ৷ এইবোৰ কথা গুণা-গথা কৰি, দুই আঠুৰ মাজত মূৰটো সুমুৱাই লৈ বেজাৰ মনেৰে বহি আছে, এনেতে পাৰ্ছিয়ুছে হঠাতে শুনিবলৈ পালে, “বাচা ! পাৰ্ছিছ, কিয় বেজাৰ কৰি বহি আছা ?” আচম্বিতে মাতষাৰ শুনি মূৰ ডাঙ্গি চাই দেখে যে সন্মুখত এজন বাওনা মানুহ । বাওনাজনৰ মূৰত এটা আচৰিত ধৰণৰ টুপী । ভৰিত পাখিলগা জোতা এজোৰ আৰু হাতত সাপেৰে মেৰখাই থকা শকত লাখুটি এডাল । দেৱতা। পাৰ্ছিয়ছে কিন্তু এওঁক চিনিব পৰা নাই । অচিনাকিভাবে তেওঁক সুধিলে— “ডাঙ্গৰীয়া, আপুনি এইজন বুধ সেই দেখি কোন ? আগে পিচে দেখা দেখোন ক'তো মনত নপৰে । কওকচোন ডাঙৰীয়া, মোৰ বিপদৰ সময়ত একেষাৰ মৰমৰ মাতেৰে সান্ত্বনা দিবলৈ আপুনি ক'ৰ পৰা আহিলে ?” বুধে পাৰ্ছিয়ুছৰ আকুল সুৰৰ কথা কেইফাঁকি শুনি সম্পূর্ণ পৰিচয় দি তেওঁৰ মনৰ খু-দুৱনি মাৰ নিয়ালে । তাৰ পিচত তেওঁ পাৰ্ছিছৰ ঘটনাবোৰ পৰিপাটিকৈ জানি লৈ কবলৈ ধৰিলে,— “বাচা পাৰ্ছিয়ুছ! তুমি বৰ সঙ্কটজনক কাম কৰিবলৈ গাত ললা |
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/১৩
অৱয়ব