পৃষ্ঠা:পাঠ-মালা.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । বৰ ভয় নকৰে ; এতেকে পুহিলে সোনকালে জাতি হয়, আৰু মাছ-আদি দিলে ততালিকে তুলি লৈ গিলি পেলায়। আফ্রিকা দেশৰ মানুহে তাক পবিত্ৰ বুলি সৎকাৰ কৰে। সেই দেশত এবাৰ আইভ় নামেৰে এজন ইংৰাজে বৰটোকোলা মাৰিৰৰ ইচ্ছা কৰি তালৈ অনেক বাৰ গুলীয়াইও বাঞ্ছা পূৰ্ণ কৰিব নোৱাৰিলে, তাতে সেই কাৰ্য্য দেখা মানুহবিলাকে বৰ সন্তোষ পাই গণ্ডপ মাৰি কবলৈ ধৰিলে যে, তেওঁ যিমান পাৰে সিমান গুলী মাৰিও সেই চৰাইক বধ কৰিব নোৱাৰে ৷ স্মিথমেন নামেৰে এজন ইংৰাজে লিখিছে যে কোনো এজন ভদ্রলোকে এই জাতিৰ এটা চৰাই পুহিছিল; সি ইমান পোহ লৈছিল যে, নিতৌ তাৰ গৰাকীৰ ভোজনৰ সময়ত তেওঁ খাবলৈ নৌ বহোঁতেই সি তেওঁৰ আসনৰ পাচফালে থিয় হয় গৈ, পাচে চল পালেই মেজৰ পৰা মঙ্গহ-আদি খোঁট মাৰি নি গিলি থয়, আৰু এদিন সিংজাৱা কুকুৰা এটা নি গোটে-গোটে গিলিলে ৷ সেই জন ইংৰাজে আৰু লিখিছে যে, সেই চৰাইটে৷ নিতৌ ৰাতি পুৱা দুই বা তিন মাইলৰ আঁতৰলৈকে উৰি গৈ আহাৰ বিচাৰি ফুৰে ; ফুৰাৰ পাচত এজোপা শিমলু-গছৰ ওখ টিঙ্গত পৰি চাই থাকে, আৰু তাৰ গৰাকীৰ ভোজনৰ বস্তু খোৱা ঠাইলৈ অনা দেখিলেই ততালিকে আহি সেই বস্তু আনাতাবিলাকেৰে সৈতে একে লগে ঘৰলৈ সোমাই আপোনাৰ ভাগ লয় ৷