পৃষ্ঠা:পাঠ-মালা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুষ্পদী জন্তু। (The Quadruped.) ৩ পাঠ। হাতী (The Elephant.) হাতী পৃথিবীৰ সকলে৷ চাৰি ঠেঙ্গীয়৷ স্থলচৰ জন্তুতকৈ ডাঙ্গৰ। তাৰ বৃহৎ আকাৰ, বল আৰু চতুৰতা দেখি সকলে৷ কালৰ মানুহ আচৰিত হৈছে। যদিও সি সকলো চতুষ্পদী জন্তুত কৈ অধিক বলৱন্ত,তথাৰি তাৰ খংনুতুলিলে সি কাৰো অনিষ্ট নিচিন্তে । এচিয়৷ আৰু আফ্রিকাৰ হাবিত অনেক হাতী অতি নম্র আৰু শান্তভাৱে থকা দেখা গৈছে। হাতীবিলাকৰ অনেকে লগলাগি জাক পাতি থাকে, আৰু গছৰ ডালপাত আহাৰ কৰে। হাতী ঈষৎ ধোঁৱা বৰণেৰে মিহলি মুগা বা কলা চানেকীয়া ; কিন্তু কোনো কোনে৷ ঠাইত বগা হাতীও পোৱা যায় ৷ হাতীবিলাকে বৰ জাৰ আৰু বৰ ঘাম, দুইকো সহিব নোৱাৰে ; এতেকে ছায়া-যুক্ত কাঠনি-হাবিত থাকে পানীত ধেমালি কৰিবলৈ ভাল পায়, আৰু অনায়াসে সাঁতুৰিব পাৰে। হাতীৰ শুঁড় স্বভাৱৰ। এটা আচৰিত শিল্প কৰ্ম্ম । তাৰ দ্বাৰা হাতীয়ে উশাহ লয়, আৰু আহাৰ পানী মুখলৈ তোলে। এই আচৰিত অঙ্গ অসংখ্যাত কোমল আৰু লেকেটা আঙ্গঠিৰে নিৰ্ম্মাণ কৰা হৈছে। তাৰ দুটা চুঙ্গ৷ আছে, আৰু আগৰ ভাগ চেপেটা, ঘূৰণীয়া ; সেই ভাগৰ মুখ ডোখৰ আঙ্গুলিৰ দৰে জোঙ্গা, তাৰ দ্বাৰা হাতীয়ে অতি Y