পৃষ্ঠা:পাঠ-মালা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ভেদিব নোৱাৰে। শীত-প্রবল ঠাইৰ অনেক জন্তুৰ গা মিহি কোমল আৰু চুটিনোমেৰে আবৃতি, আৰু জাৰকালি পৰিলে সেই নোম ঘন হয় ; তাৰ দ্বাৰা সেই বিলাক জন্তু জাৰৰ পৰা ৰক্ষা পৰে। পাচে ঘামকালি হলে সিমান ডাঠ অকামিল৷ আৰু কষ্টকৰ হয় ; এতেকে সি আপোনা আপুনি সৰি পাতল পৰে। মাংসাহাৰী জন্তুবোৰতকৈ ঘাঁহ বা শস্য-খোৱা জন্তুবিলাকৰ স্বভাৱ অধিক নম্ৰ, আৰু পাচত কোৱা বিধৰ জন্তুৰ প্ৰথম বিধৰ দৰে দাঁত নখ বা ঠোট নাই ; এই কাৰণে সেই বিধৰ জন্তু অধিক ভয়াতুৰ ; তাৰ প্ৰমাণ — বাঘৰ দৰে ছাগ চোকা দাঁত-নখযুক্ত কপৌ-চৰাইৰে৷ শেনৰ দৰে জোঙ্গ৷ ঠোঁট আৰু নখ নাই। এতেকে বাঘ আৰু শেনতকৈ ছাগ আৰু কপৌ অধিক নির্জু আৰু ভয়াতুৰ ৷ নহয়; চতুষ্পদী জন্তুবিলাকৰ কিছুমান মাংসাহাৰী আৰু কিছুমান তৃণভোজী ৷ পাচৰ শ্ৰেণীৰ জন্তুবিলাকৰ দুবিধ আছে ;—এজাতি ৰোমন্থকাৰী অৰ্থাৎ সেই জাতিয়ে প্রথমতে ঘাঁহ পেটত ভৰাই আকও উলিয়াই পাগুলি গিলে ; গৰু-ছাগ-আদি এই জাতিৰ জন্তু। আন জাতিয়ে ঘাঁহ একেবাৰেই গিলে ; হাতী, ঘোঁৰা, গৰু ইত্যাদি এই জাতিত পৰে । 88