এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি।
আগেয়ে অসমীয়া ভাষা সকলোৰে অনাদৃত হৈ থকাৰ নিমিত্তে সেই ভাষাৰে কেৱে পুথি ৰচনা নকৰিছিল; কাৰণ আমাৰ ভাষাত পঢ়িবৰ উপযুক্ত পুথি নাই বুলিলেও মিছা কোৱা নহয়। কিন্তু এতিয়া তাৰ প্ৰতি দেশাধিকাৰবিলাকৰ অলপ কৃপা-দৃষ্টি হোৱাত তাৰ সৌভাগ্য মিটিকিয়াইছে যেন দেখা গৈছে। এই হেতু অনেকেই ভাল ভাল পুথি লিখি তাৰ উন্নতি সাধন কৰিবলৈ ধৰিছে। কিন্তু সম্প্ৰতি অসমীয়া ভাষা শিকিবৰ নিমিত্তে “তলৰ শ্ৰেণীৰ দেশী ভাষাৰ পঢ়াশালি” নামেৰে যি এক শ্ৰেণীৰ স্কুল স্থাপিত হবৰ কাৰণে আসামৰ চিফ্ কমিশনৰ চাহাব মহোদয়ে আজ্ঞা কৰিছে, সেই বিলাক পঢ়াশালিত পঢ়াবৰ উপযুক্ত সাহিত্য-পুথি নথকাত বিদ্যাশিক্ষাৰ অধ্যক্ষ চাহাবৰ জাননী অনুসাৰে এই পুথি লিখা হল।
গ্ৰন্থকৰ্ত্তা