পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
পদ্মপুৰাণ

কতোৱে বা মোক্ষ পাৱে কতো নপাৱয়।
এহিমানে কৈলে৷ ব্ৰহ্ম ধৰ্ম্মৰ বিষয়॥
কহিলোহো বিধি ময় কৰিয়া শাশ্বত।
তিনিয়ো পথৰ লোকে নিন্দিবে গৰ্ব্বত॥ ১২৬
অধোগতি যাইব ভেদাভেদ কৰি মন।
নৰকে পৰিবে দুনাই পুনৰাগমন॥
মাধৱ বদতি কৈলো স্বৰূপ বচন।
মোৰ ভক্ত হুয়া ভজি আন দেৱগণ॥ ১২৭
প্ৰণাম কৰিয়া যিটো নৈবেদ্য ভোজন।
পঞ্চম পাতকী হুয়া নৰকে পতন॥
বিপদৰ হেতু ভৈল জানিবা নিশ্চয়।
আত্মাক নিগ্ৰহে তাৰ ৰক্ষণ নোহয়॥ ১২৮
মোহোৰ দ্ৰোহীয়া সিটো জানিবা নিশ্চয়।
নীচ যোনী প্ৰাপ্ত হুয়া নৰক ভুঞ্জয়॥
অন্য দেৱ ত্যজে যিটো অশাশ্বত মানি।
মোহোক ভজয় সেহিজন মহামানী॥১২৯
তাকেসে পৰম বন্ধু জানিবা নিশ্চয়।
মোৰ প্ৰিয়তম সিটো অৱশ্যে বোলয়॥
ইসব কথাক উপসংহৰিয়া থওঁ।
বিপৰীত ভবিষ্যত কথা শুনা কওঁ॥১৩০
মাধৱ বদতি শুনিয়োক সৃষ্টিকৰ।
যিটো কলিযুগ মই কহোঁ আতপৰ॥
অন্য ধৰ্ম্ম সবে বৰ্জ্জিত হৈবন্ত।
মোৰ নিজ ভক্তি কীৰ্ত্তি ৰৈব সংসাৰত॥ ১৩১