পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
পদ্মপুৰাণ

কলিত বৈষ্ণৱ মূৰ্ত্তি যতেক ধৰিবো।
তোমাৰ আগত এবে সমস্তে কহিবো॥
পালক বিষ্ণুৰ শক্তি সন্তৰূপ ধৰি।
হৈবেক চৈতন্য নামে জানা নিষ্ঠ কৰি॥ ৯০
যুগ ধৰ্ম্ম প্ৰবৰ্ভাবো কৰ্ম্মী ভক্ত চয়।
ষোল নাম জপিবেক জানিবা নিশ্চয়॥
জলসাইত হন্তে গৈয়া ৰমানন্দ নাম।
জ্ঞান যোগে প্ৰবৰ্ত্তাবা শুন বিধি ৰাম॥ ৯১
জপিবেক ব্ৰাহ্ৰ নাম আনন্দে মজিব।
প্ৰচাৰিব ধৰ্ম্ম চয় লোক প্ৰবৰ্ত্তিব॥
হৰি অংশে হৈবে গৈয়া বৃন্দাবন দাস।
অচলা ভক্তিক তেন্তে কৰিব প্ৰকাশ॥ ৯২
অষ্ট নাম জপিবেক কহিলো নিশ্চয়।
ধৰ্ম্ম প্ৰবৰ্ভাব ব্ৰহ্মা জানিবা নিশ্চয়॥
সূৰ্য্যৰ লগত যিটো থাকে নাৰায়ণ।
সেহি অংশ হৈব জানা ৰূপ সনাতন॥ ৯৩
দশ নাম জপিবেক ভক্তি যোগ হয়।
লোকক কহিবে ব্ৰহ্মা শুনা মহাশয়॥
যিটো স্থূল ৰূপ মোৰ বিৰাটক কয়।
তান অংশে হৈব জানা কৰিয়া নিশ্চয়॥ ৯৪
এক নাম জপিবেক বিৰল স্বভাব।
কেৱলাত প্ৰৱৰ্ত্তিব কৈলো তযু ঠাৱ॥
তযু অংশে হৈবে গৈয়া নিত্যানন্দ নাম।
গৃহাশ্ৰম ধৰ্ম্ম ধৰি কৰিবো বিশ্ৰাম॥ ৯৫