পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
পদ্মপুৰাণ

দান পুণ্য অতিথিত শুশ্ৰূষা কৰিব।
সেহি ধৰ্ম্ম প্ৰবৰ্ত্তিব লোকতো কহিব॥
শুনিয়োক ব্ৰহ্মা কহো স্বৰূপ বচন।
মোৰ নিজ প্ৰেম ভক্তি শ্ৰৱণ কীৰ্ত্তন॥ ৯৬
পূৰ্ব্বত আছিল ভক্তি গুপ্ত চাৰি নাম।
ভাগৱত নানাবিধ গ্ৰন্থ অনুপাম॥
আৰু প্ৰচাৰিবে লাগি নিজ অৱতাৰ।
ভকতৰ গুৰু ৰূপে হৈবো অৱতাৰ॥ ৯৭
নিজ যশ প্ৰচাৰিবো নানা বিধ কৰি।
ঘট পট ভাঙ্গিবোহোঁ কুজ্ঞান সংহৰি॥
শুনিয়া ব্ৰহ্মাৰ মনে মিলিল সংশয়।
ইটো অৱতাৰ প্ৰভু কহিয়ো নিশ্চয়॥ ৯৮
মাধৱ বদতি তুমি শুনা সৃষ্টিকৰ।
ইটো অৱতাৰ কথা শুনা বিধিবৰ॥
ছদ্ম ৰূপ ধৰি শূদ্ৰ কুলে হৈবো জাত।
হৈবোঁহো শঙ্কৰ নামে জগতে প্ৰখ্যাত॥ ৯৯
দ্ৰোণেসে কুসুম্ব ধীৰা সত্য সন্ধ্যা হয়।
তাহান ঘৰত মই জন্মিবো নিশ্চয়॥
মোৰ যিটো অংশ হলিৰাম নামধৰ।
মাধৱ স্বৰূপে হৈবে শুনা বিধিবৰ॥ ১০০
নিজ ভক্তি ধৰ্ম্ম যত প্ৰকাশ কৰিবো।
জ্ঞান দানে সমস্তৰে মনক পূৰিবো॥
শুনা বিধি তুমি আদি বৈষ্ণৱ বাঢ়য়।
সনকাদি পাৰিষদ নিজ ভক্ত চয়॥ ১০১