পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১১
পদ্মনাভাদি চৰিত

 সেই সময়ত, কাশীত বিখ্যাত যোগী পৰিব্ৰাজিকাচাৰ্য্য পৰমহংস শ্ৰীপূৰ্ণানন্দ যতি নামে এজন সাধু আছিল। কাশীব লোক সমুহৰ পৰা সেই যতিবৰৰ মাহাত্ম্য শুনি পদ্মনাভেও সেই সাধুৰ ওচৰত যায়। যতিৰে পদ্মনাভৰ বিদ্যাবত্ত'ত সুখী হৈ পৰিচাৰক ৰূপে অপৰ শিষ্যৰ সহিত যতিবৰৰ লগত থাকিবলৈ অনুমতি কৰে। পদুনাভেও সেই মতে যতিবৰৰ পৰিচৰ্য্যা কৰি থাকে। যতিবৰ প্ৰায়ে ধ্যান মগ্ন থাকে, বাহিৰ কথাত অলপো আশক্তি নাই। এদিন পদ্মনাভে সুবিধা পাই যহিক জনালে যে কৃপা কৰি ব্ৰহ্মদৰ্শণ কৰাওক, যতিবৰে সময়ত লাভ হব বুলি সমিধান দিলে। পদ্মনাভে যতিক পৰিচৰ্য্যা কৰিএই আছে, ক্ৰমে বছৰ পূৰ্ণ হব লগা হল, তথাপি যতিয়ে একো কৰা নাই। এদিন হঠাৎ