পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০
পদ্মনাভাদি চৰিত।



 পদ্মনাভ আৰু গদাধৰে সেই টোলত প্ৰথমে নব্য স্মৃতি পৰে প্ৰাচীন স্মৃতি অধয়ন কৰে। স্মৃতি পঢ়াৰ লগে লগে মীমাংসা দৰ্শন অধযণ কৰে। স্মৃতিৰ পাঠ শেষ কৰি গোতম কৃত ন্যায়, কণাদ কৃত বৈশেষিক দৰ্শন অধ্যয়ন কৰে, লগতে নব্যন্যযৰো অলপ আবৃত্তি কৰে। পদ্মনাভৰ বুদ্ধিমত্তাত অধ্যাপক সকল সন্তুষ্ট হয়; আঠ বছৰত স্মৃতি দৰ্শনৰ পাঠ শেষ কৰে। পদ্মনাভ আৰু গদাধৰৰ পাঠ সমাপ্ত হলত নবদ্বীপ নিবাসী অধ্যাপক মণ্ডলীয়ে পদ্মনাভক “বিদ্যাবাগীশ” গদাধৰক তৰ্কাচাৰ্য্য উপাধিৰে ভূষিত কৰে।

 গদাধৰ তাৰ পৰাই নিজঘৰলৈ উভটি আহে, পদ্মনাভে বেদান্ত দৰ্শন পঢ়িবলৈ ৺কাশীধামলৈ যাত্ৰা কৰে। কাশীধামলৈ যাওঁতেই গয়াত সোমাই গয়াৰ কৃত্য সমাপন কৰে।

 কাশীত হৰিহৰ দ্বিবেদীৰ পৰা ব্যাসকৃত বেদান্ত দৰ্শন পতঞ্জলি কৃত পাতঞ্জলদৰ্শন, কপিলকৃত সাংখ্য দৰ্শন অধ্যয়ণ কৰে। হৰিহৰ হিন্দুস্থানি পণ্ডিত বাৰে তেওঁৰ পৰাই যথাসম্ভব বেদৰ শিক্ষাও হয়। বেদান্তাদি অধ্যয়ন কৰাত প্ৰায় তিনিবছৰ সময় লাগে।