সমললৈ যাওক

পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মনাভাদি চৰিত।

 বিন্ধ্যপৰ্ব্বতৰ উত্তৰ ভাগত (আৰ্য্যাবৰ্ত্তত) থকা সাৰ- স্বত দেশ বাসী, কান্যকুব্জ (কনৌজ) দেশবাসী, গৌড় (বঙ্গ) দেশবাসী, উৎকল (উড়িষ্যা) দেশবাসী, মিথিলা (ত্ৰিহুত) দেশবাসী, এই পাঁচ দেশৰ ব্ৰাহ্মণক পঞ্চ গৌড় বোলে। বিন্ধ্যপৰ্ব্বতৰ দক্ষিণাংশত (দাক্ষিণাত্যত) থকা কৰ্ণাট দেশবাসী, তৈলঙ্গ (মাদ্ৰাস্) দেশ বসী, গুৰ্জ্জৰ (গুজৰাট) দেশবাসী, ৰাষ্ট্ৰ (মহাৰাষ্ট্ৰ) দেশবাসী, আরু আন্ধ্ৰ (ইন্দৌৰ) দেশবাসী, ব্ৰাহ্মণ সকলক পঞ্চ দ্ৰাবিড় বোলে।

 দহ প্ৰকাৰ ব্ৰাহ্মণৰ ভিতৰত অতীজত অনেক ব্ৰাহ্ম- ণেই আসামলৈ আহি কাল প্ৰভাবত বসতি কৰে। সাৰস্বতাদি দেশৰ পৰা আসামলৈ অহা কোনো কোনো ব্ৰাহ্মণৰ ভিতৰত দেশৰ নাম পাব পাৰি। কিন্তু আসাম দেশত পৰি দেশৰ নাম অলপ বিকৃতি হৈছে মাত্ৰ। আধুনিক কোনো কোনো বঙ্গীয় লেখকৰ মতে আসাম দেশ পৰ্ব্বত ময়, জল ময়, অৰণ্যময় হলেও পূৰ্ব্বকা- লত আসাম তেনে নাছিলে। এই আসাম এক সময়ত স্বৰ্গভুমি বুলি অভিহিত হৈছিলে। এই দেশত ভগবান বাৰাহৰ পুত্ৰ নৰকাসুৰ প্ৰবল পৰা- ক্ৰমী ভগদত্তাদিৰ বিস্তীৰ্ণ ৰাজ্য আছিলে। বাণ ৰাজাৰ ভক্তিত হৰ পাৰ্ব্বতী সপৰিবাৰে ভক্তৰ স্নেহত