পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(v) যত্ন কৰি এইখন কলিকতাত ১৯০৬ চনত ছপাই আনে। ইয়াত তেখেতে অনেক লাগতিয়াল শব্দ ‘এবােটলা শব্দ’ বুলি পৰিশিষ্ট শিতানত সংযােজন কৰি দিয়ে। ১৯১২ চনত এইখন দ্বিতীয়বাৰ ছপা হােৱাত পৰিশিষ্ট শিতানৰ শব্দবিলাক যথাস্থানত অন্তর্ভুক্ত কৰি দি সেই তাৰণতাে পুনৰ তেখেতে কিছু ‘এবােটলা’ শব্দ বুলি পৰিশিষ্ট শিতানত সংযােজন কৰিছিল। তেখেতৰ মৃত্যুৰ পাচত এইখিনি ১৯৪৭ চনত ছপা হােৱা তৃতীয় তাৰণত পিতৃদেবতা পূজ্যপাদ “আনন্দ ৰাম বৰুৱাদেৱে যথাস্থানত অন্তর্ভুক্ত কৰি ছপাই দিছিল। তেখেতৰ এই তাৰণটো তেখেতে বহুত পৰিশ্ৰম কৰি কিছু নতুন শব্দৰ আৱশ্যক বুজি সংগ্রহ কৰি সন্নিৱিষ্ট কৰি দিয়ে। এইখিনি ‘এবােটলা পৰিশিষ্ট শিতানত তেনেকৈয়ে ৰখা হৈছে। | এতিয়া পুণ্যশ্লোক পিতামহ হেমচন্দ্ৰ বৰুৱাদেৱৰ অভিধানত থকা নিজা শব্দবাজি বিচাৰি উলিয়াবলৈ অসুবিধা হল। তাৰ কাৰণে প্রথম ১৯০৬ চনৰ পঢ়াশলীয়া অভিধানখনি বিচাৰিবলগা হ'ল। অনেক চেষ্টা কৰিও এই অভিধানখনি বহুত দিনলৈ বিচাৰি উলিয়াব পৰা হােৱা নাছিল। ভাগ্যে যােৱা বছৰ শিৱসাগৰ মজলীয়া পঢ়াশালিৰ (এম ভি) প্রধান শিক্ষয়িত্ৰী আৰু সহযােগী শিক্ষকসকলৰ যত পঢ়াশালিৰ পুথিভঁৰালত কিতাপখনি উদ্ধাৰ হােৱাত এটা ডাঙৰ অভাৱ দূৰ হ'ল। এই আপাহতে তেখেতসকললৈ কৃতজ্ঞতাৰ শলাগ যাচিলাে। বেণুধৰ শৰ্মাদেৱে লিখিছে। - তুলসীৰাম বৰা শিৱসাগৰ মজলীয়া পঢ়াশালিৰ (এম ডি) হেড পণ্ডিত আছিল। সেইগুণে তেখেতক ডাঙৰীয়া নুবুলি বাবু’ বােলা হৈলি। তুলসী বাবুৱে হেমচন্দ্ৰ বৰাৰ পঢ়াশলীয়া অভিধানখন হুপাই উলিয়াইলি। ‘হেমকোষ’ ওলােৱাৰ আগেয়ে এইখনৰ বৰ্ণবিন্যাসকহে কলােৱে অনুসা কৰিছিল। হেম বৰাৰ কাষীয়াৰকীন, বাহিৰেংচং ভিতরে কোভারী, অসমীয়া ব্যাকরণ, মেইেজ চিষ্টেমৰ অৱ ডি পিপল অৱ আগাম দ্বিতীয় সংস্কা তেখেতে প্ৰকাশ কৰিছিল। চৰিত্ৰ আৰু কিবাকিৰি দুখনমান কিতাপ নিজে ৰচনা কৰি পাই উলিয়াইলি। তেখেতৰ পুতেক আনন্দৰাম তেতিয়া ডেকা। বর্তমান পঢ়াশলীয়া অভিধানখনি পুনমূত্রণহ কৰা হৈছে। ইয়াকে নকৰি নকে ছপা কৰিবলৈ হ'লে বিস্তৰ সময়ৰ প্রয়ােজন হব। সেয়ে পুথিখনিৰ পাশলৈ চাই বহুদিনীয়া অভাৱ দূৰ কৰাৰ উদ্দেশ্যে পুনণ কৰি