পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৮)
পঞ্চৰত্ন।

জজা লৰা আছিল। লৰাদুটা দেখিলৈ হুবহু একে। বাপেকে সিহঁতৰ নাম এন্টিফোলাছ্ থলে। যি ঠাইত সেই লৰা দুটী উপজিছিল তাতে আকৌ এজনী দুখীয়া তিৰুতাৰ দুটী জজা লৰা অছিল। সিহঁত দুইয়ো দেখি- বলৈ একে। ঈজিয়নৰ মন গ'ল যে এই দুখীয়া লৰা দুটীক নিজৰ ল'ৰা দুটীৰ লগুৱা কৰে। এই বুলি সিহঁতক আনিলে। ধনী মানুহ, যি মন গ’ল তাকে কৰিলে। ঈজিয়ন স্বিৰাকিউজৰ পৰা এপিডেনৰাম নামে এঠাইত সদাগৰী কৰিবলৈ গৈছিল। বেছিদিন থাকিব লগাত ঘৈণীয়েককো লৈ গৈছিল। তাতে লৰা দুটী উপজিছিল। পাছত বাটত নাৱেৰে আহোঁতে বৰ ধুমুহাই পাই নাও ডুবাই পেলালে। লগত পৰিয়ালৰ সকলোটীয়েই আছিল। ঈজিয়ন, এটি লৰা আৰু এটি লগুৱা ভাহি যাঁওতে তেওঁলোকক কোনো মানুহে ৰক্ষা কৰিলে। ৰক্ষা কৰি, চিনি পাই স্বিৰাকিউজলৈ লৈ গ’ল। ইপিনে ইমিলিয়াক আৰু সি দুটী ল’ৰাক আন মানুহে ৰক্ষা কৰি ইফিম্বাছলৈ লৈ গ'ল। ইমিলিয়া ঈজিয়নৰ ঘৈণীয়েক। তেওঁক যি মানুহে ৰক্ষা কৰে তেওঁৰ লগৰ ল’ৰা দুটীক সেই মানুহেই লৈ নোযোৱাত তেওঁ লৰা দুটীৰ কথা আৰু তেওঁৰ গিৰীয়েক আৰু আন দুটী লৰাৰ কথাও একোকে কব নোৱাৰিলে। এতিয়া তেওঁলোক তিনি ভাগ হ’ল! এই তিনিউ দলৰ এদলে আন