সমললৈ যাওক

পৃষ্ঠা:পচতি.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
পচতি

গীত।

শিঙ্গা শঙ্খ ভেৰু ঢাক ঢোল।
গগনে পূৰিলা হৰি ৰােল॥

পদ।

কতো উঠি কৰে জয় জয়।
উপজিলা নন্দৰ তনয় ॥

সূত্র।

 ওহে সমাজিক লােক! অনন্তৰে বৃদ্ধগণ মহাহৰিষে আনন্দে মন মগ্ন হৈয়া অন্যো অন্যে সাপটি মাটিত লুটিয়া যায়, আনন্দ কৰয়। তাহক দেখহ, শুনহ, নিৰন্তৰে হৰি ৰাম হৰি ৰাম ॥

সভাত যতেক বৃদ্ধ আছে।
উঠি সবে আনন্দত নাচে॥
অন্যো অন্যে ধৰা ধৰি কৰি
মাটিত বাগৰি ফুৰে।
কৃষ্ণৰ কিঙ্কৰে এভু ভনে।
হৰি হৰি বােলা সর্ব্বজনে॥

সূত্র।

 ওহে সমাজিক লােক ! যােহি পৰম ঈশ্বৰ পৰম পুৰুষ-উত্তম, যাহাৰ কটাক্ষত সৃষ্টি স্থিতি লয় হৈয়াছে ; ব্রহ্মা ৰুদ্ৰ ইন্দ্রাদি যাহাৰ