পৃষ্ঠা:পচতি.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩য় আধ্যা।

শ্ৰীকৃষ্ণৰ পচতি।

শ্লোক।

জয়তি জগন্নিবাসো দৈবকী জন্মবাদো,
ব্ৰজপুৰ পৰিষদ্ভী ৰক্ষিতো যো স্বধৰ্ম্মঃ।
স্থিৰতৰ বৃজিনঘ্নঃ সস্মিতা শ্ৰীমুখেন,
ব্ৰজপুৰ বনিতানাং বৰ্দ্ধয়ন্ কাম দেবঃ॥

সূত্ৰ।

 ওহে সমাজিক লোক! যোহৰি পৰম পুৰুষ ভগৱন্ত, সোহৰি অনাদি অনন্ত, সত্য, যাহাৰ কটাক্ষত সৃষ্টি স্থিতি লয় হৈয়াছে, যাহাৰ নাম স্মৰণ মাত্ৰকে চাণ্ডাল পৰ্য্যন্ত পৰম গতি পাইয়াছে, আৰ যি কালত অনাদি সৃষ্টি পাতিবাৰ মন ভৈলাহা, সত্ব গুণে সোনাৰ লাঙ্গল মুযল স্ৰজিলা, ৰজোগুণে ৰূপাৰ লৰু গৰু ভৈলাহা, তমোগুণে আপুনি বাহক নাৰায়ণ, অনাদি পৃথিবীখান কৰিলা খনন, ধম্ম অৰ্থ কাম মোক্ষ তাহাতে স্ৰজিলা, সত্বৰজস্তম গুণে সহজে জন্মাইলা, সৃষ্টি পাতিবাৰ হেতু ব্ৰহ্মাতে অৰ্পিলা, অনাদি পুৰুষ হৰি বৈকুণ্ঠে চলিলা॥ সেহি শ্ৰীকৃষ্ণৰ জন্ম-যাত্ৰা-পচতি কৰ্ম্ম সভামধ্যে কহে, তাহাক দেখহ, শুনহ, নিৰন্তৰে হৰি ৰাম হৰি ৰাম।