পৃষ্ঠা:নৰকাসুৰ বধ.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ২২ )

কেন মতে তুমি, মোৰ পুষ্প বুলি,
 কৃষ্ণক বোলাইলা আসি॥ ৮৪॥
সমুদ্ৰত জাত, ইতো পাৰিজাত,
 আমাৰো আছয় ভাগ।
এক তীল তোৰা, পিন্ধিতে আছয়,
 নকৰিবা আতবাদ॥
হেন শুনি শচী, লগতে আছয়ে,
 মাতিলেক বৰ ৰাগে।
শুনৰে মানুষী, মিচা ধসমসি,
 কৰ আসি কাৰ আগে॥ ৮৫॥
সকল দেৱৰ, স্বামী পুৰন্দৰ
 তাহান মই সুন্দৰী।
মোৰ পাৰিজাত, পিন্ধিবাক চাস,
 তই মানুষৰ নাৰী।
শুনি সত্যভামা, হাসিয়া বোলন্ত,
 মুখতো নালাগে লাজ।
মোহোৰ স্বামীৰ, চৰণ নাপাৱে,
 তোৰ স্বামী দেৱৰাজ॥৮৬॥
বাৰে বাৰে দৈত্যে, স্বৰ্গৰ নিকালে
 ফুৰস মাগিনী হুহ।
কৃষ্ণে সে পালন্ত, কৃষ্ণে সে ৰাখন্ত,
 গৰ্ব্ব কৰে কোন মুই॥
ব্ৰহ্মা মহাদেৱে, যাৰ পদ চিন্তে,
 তাহাৰ মই কামিনী।