পৃষ্ঠা:নৰকাসুৰ বধ.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ২১ )

মই তযু প্ৰিয়া, দিবো বুলি আছা
 তুলি লোৱা প্ৰাণ নাথ॥ ৮১॥
পৃথিবীৰ লোকে, নতু দেখে আৰু,
 মহা পুষ্প পাৰিজাত।
তযু প্ৰসাদত, পুৰো মনৰথ,
 থাপোনিয়া দ্বাৰকাত॥
ভায্যাৰ বচনে, কমল নয়নে,
 লৈলন্ত পুষ্প উভাৰি।
গৰুৰৰ স্কন্ধে, থেয়া আথে বেথে,
 চলি গৈলা লীলা কৰি॥ ৮২॥
শুনি শচী সতী, ইন্দ্ৰক নিন্দিলা,
 ধিক তুমি দেৱ ৰাজ॥
মোৰ পাৰিজাত, নেয় যদুনাথ,
 যুদ্ধক নাহিকে সাজ।
শচীৰ বচনে, সহস্ৰ লোচনে,
 পৰম লৰ্জ্জাক পাহ॥
ক্ৰোধে মোহ হুয়া, দেৱগণ সমে,
 কৃষ্ণক ভেটিলে যাই॥ ৮৩॥
ঐৰাৱতে চাৰ, হাতে বজ্ৰ ধৰি,
 কৰয় অতি গৰ্জ্জন।
ৰহ ৰহ কৃষ্ণ, মোৰ পাৰিজাত,
 নেস তুমি কি কাৰণ॥
স্বামীৰ বল্লভ, থাকি সত্যভামা,
 ইন্দ্ৰক বুলিলা হাসি।