সমললৈ যাওক

পৃষ্ঠা:নৰকাসুৰ বধ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )

অনন্ত কন্দলি ভনে তেজা সবে ভয়।
ডাকি ৰাম হৰি বোলা পাপ হৌক ক্ষয় ॥ ৬১॥

____

পৃথিবী বদতি দেৱ, দেৱে যাক কৰে সেৱ,
 নমো শঙ্খ চক্র গদা ধৰ।
প্রণামো পঙ্কজ-নাভ, জগত কাৰণ প্ৰভু,
 সংসাৰৰ তাপ ভয় হৰ।
প্ৰনামো পঙ্কজ নেত্র, প্রনামো পঙ্কজ সম,
 চৰণ যুগল ৰুচিকৰ৷
প্রনামো পৰমানন্দ, জগত কাৰণ প্ৰভু,
 প্রনামো পঙ্কজ-মালা ধৰ॥ ৬২॥
নমাে দেৱ ভগৱন্ত, সমস্ত ঐশ্বৰ্য্যমন্ত,
 নমো বাসুদেৱ সৰ্ব্বাশ্ৰয়।
নমাে বিষ্ণু পুৰুষাৰ, আদি অন্ত নাই যাৰ,
 নমাে পূর্ণ বােধ সত্য ময়॥
নমো অজ নিৰঞ্জন, জনক জগতাত্মন,
 নমাে ব্রহ্মা অনন্ত শকতি।
কাৰ্য্য কাৰণত মন, অন্তর্য্যামী নিৰঞ্জন,
 নমাে ভকতৰ মুখ্য গতি॥৬৩॥
তুমিসে ঈশ্বৰ কাল, প্রকৃতি পুৰুষ ৰূপ,
 ৰজোগুণ ধৰাহা সৃজিত।
সংহৰিতে তমো গুণ, ধৰা তুমি বাৰে বাৰ,
 সত্ব ধৰা জগত পালিত॥