পৃষ্ঠা:নৰকাসুৰ বধ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩ )

মাধৱক লাগি লৈলা দিব্য বনমালা।
নাতি আগ কৰি ধীৰে ধীৰে চলিগৈলা॥৫৫॥
কতোদুৰে কৃষ্ণক দেখিয়া মহাসতী।
দণ্ডৱতে পৰি অতি কৰিল কাকুতি॥
ধীৰে ধীৰে কৃষ্ণৰ পাশক গৈলা চলি।
দিলন্ত কুণ্ডল দুই কৰি কৃতাঞ্জলি॥ ৫৬॥
পুনঃ প্ৰণামিয়া ভেন্টিলেক বনমালা।
অনন্তৰে বৰুণৰ ছত্ৰ নিবেদিলা॥
দেৱৰ ক্ৰীড়াৰ থান মন্দৰ শিখৰ।
নিবেদিলা আৰু মহামণি মনোহৰ॥ ৫৭॥
মাধৱক দেখি সঙ্কোচিত কৰি কায়।
আৰম্ভিলা স্তুতি মাধৱৰ পদ চাই॥
একান্ত ভকতি ভাৱে মন কৰি থিৰ।
আঞ্জলি কৰিয়া বিনাৱন্ত ধীৰে ধীৰে॥ ৫৮॥
শুনা সভাসদ মহা ভাগৱত পদ।
এৰা মদ গব্ব সবে হোৱা নিশবদ॥
কৃষ্ণৰ চৰিত্ৰ শুনিওক সাৱধানে।
দুষ্ট ভৈলে পুত্ৰকো মাৰন্ত নাৰায়ণে॥ ৫৯॥
হেন জানি দুষ্টক নকৰা ভয় মন৷
দুষ্টৰ ওপৰে জানা আছে নাৰায়ণ॥
কৃষ্ণৰ চৰণে মাত্ৰ কৰিও ভকতি।
কৃষ্ণ বিনে আছে কোন অগতিৰ গতি॥৬০॥
পৰমাত্মা কৃষ্ণ আছা সবাৰো হৃদিত।
কৃষ্ণ বিনে আন কেহো নপাৰে খণ্ডিত॥