পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
পৰাধীন সুখতকৈ স্বাধীন দুঃখও ভাল।


পাৰা তেনেহলে মোৰ নিচিনা তুমিও আহাৰ পাবা।” বাঘে কলে, “সঁচানে, বাৰু ভাই কি কৰিব লাগে কোৱা।” কুকুৰে কলে, “আৰু একো নহয়, ৰাতি প্ৰভুৰ ঘৰ ৰাখি থাকিব লাগে এই মাত্ৰ।” বাঘে কলে, “ময়ো ঘৰ ৰাখিবলৈ সম্মত আছো। মই আহাৰৰ নিমিত্তে বনে বনে ভ্ৰমি ৰোদে বৰষুণে বৰ কষ্ট পাঁও। আৰু এনে দুঃখ সহিব নোৱাৰি। যদি ৰোদ বৰষুণত গৃহত থাকিবলৈ পাঁও আৰু ক্ষুধাৰ সময়ত পেট ভৰাই খাবলৈ পাঁও তেনেহলে জীয়াই থাকিম।” বাঘৰ দুঃখৰ কথা শুনি, কুকুৰে কলে, “তেনেহলে মোৰ লগতে আহাঁ। মই প্ৰভুক জনাই তোমাক থম।”

 কুকুৰে বাঘক লগত লৈ গল। কিছু বাট গৈ বাঘে কুকুৰৰ ডিঙ্গিত এটা চিন দেখিবলৈ পালে আৰু সেইটো কিহৰ চিন জানিবৰ নিমিত্তে আথে বেথে সুধিলে, “ভাই! তোমাৰ ডিঙ্গিত কিহৰ চিন?” কুকুৰে কলে, “আন একো চিন নহয় কেৱল ডিঙ্গি বন্ধাৰ চিন।” বাঘে সুধিলে, “ডিঙ্গি বন্ধা চিন কিয়?” কুকুৰে উত্তৰ দিলে, “শিকলি লগাই মোক দিনত বান্ধি থয়।”

 বাঘে শুনি চঁক খাই কলে “শিকলি লগাই বান্ধি থয়। তেনেহলে তুমি ইচ্ছামতে কলৈকো যাব নোৱাৰা?” কুকুৰে উত্তৰ কৰিলে, “দিনত বান্ধি ৰাখে হয়, কিন্তু ৰাতি যেতিয়া এৰি দিয়ে তেতিয়া যলৈকে ইচ্ছা হয় তালৈকে যাব পাৰোঁ। তাত বাজে প্ৰভুৰ চাকৰবিলাকে কত আদৰ কত যত্ন কৰে আৰু ভাল আহাৰ দিয়ে, গা ধুৱাই দিয়ে। প্ৰভুয়েও কেতিয়াবা কেতিয়াবা মোৰ গাত হাত ফুৰাই থাকে। চোৱাঁচোন মই কেনে সুখত থাকোঁ।” বাঘে উত্তৰ দিলে, “ভাই! তোমাৰ সুখ তোমাতেই থাওক, মোৰ এনে সুখত সকাম নাই। নিতান্ত পৰাধীন হৈ ৰাজভোগত থকা অপেক্ষা