পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
নীতি কথা।

সময় অপেক্ষা কৰা মই নামি যাঁও।” শিয়ালে তাৰ কথাত আনন্দিত হৈ গছৰ তললৈ আহিল। অহা মাত্ৰেই সেই কুকুৰে আক্ৰমণ কৰি নখেৰে শিয়ালৰ প্ৰাণ সংহাৰ কৰিলে।

 পৰৰ অপকাৰৰ নিমিত্তে জাল পাতিলে নিজেই সেই জালত পৰি মৰে।

পৰাধীন সুখতকৈ স্বাধীন দুঃখও ভাল।

 এটা লোদোৰ পোদোৰ পোহনীয়া কুকুৰেৰে এটা ক্ষুধাৰ্ত্ত শীৰ্ণকায় বাঘৰ দেখা দেখি হল। প্ৰথম আলাপৰ পাছত বাঘে কুকুৰক কলে, “বাৰু ভাই; মই শোঁধো কোৱাছোন, কেনেকৈ তুমি ইমান বলৱন্ত হলা; সদাই তুমি কিৰূপে আহাৰ কৰা আৰু প্ৰতিদিনে কেনেকৈ আহাৰ গোটোৱা; মই দিনে নিশাই আহাৰ চেষ্টা কৰিও উদৰ পূৰ্ত্তি কৰি আহাৰ কৰিব নোৱাৰো। আৰু কোনো কোনো দিনা উপবাসেও থাকোঁ। এনে আহাৰৰ দুঃখত শীৰ্ণকায় আৰু দুৰ্ব্বল হৈছোঁ।

 কুকুৰে কলে, “মই যি কৰিবলৈ কঁও তুমি যদি তাক কৰিব