লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়। ভিন্ ভিন্ মাকৰ গৰ্ভত জন্ম বুলিও এই চাৰি ভাই-ককাইৰ ভিতৰত অকণো ভিন্ ভাব নাছিল। সিবিলাকে চাৰিওটি মিলি একেটি যেন হে ভাবে। সৰুজনে বৰজনক গুৰু মান্য কৰে; আৰু বৰজনে সৰুজনক আদৰ-চেনেহ কৰে।
দশৰথ ৰজাই মাজিউ কুৱঁৰী কৈকেয়ীক দুটা বৰ দিবলৈ অঙ্গীকাৰ কৰি থৈছিল। পিচে, ৰজাই যেতিয়া ৰামচন্দ্ৰক ৰাজপাট এৰি দিবলৈ স্থিৰ কৰে, তেতিয়া মাজিউ কুৱঁৰীয়ে তেওঁক সেই বৰ খুজিলে। এটা বৰ মতে ৰামচন্দ্ৰক চৈধ্য বছৰ বনবাস খটাবলৈ আৰু আনটো বৰ মতে নিজৰ পুত্ৰ ভৰতক ৰাজপাটত বহুৱাবলৈ তেওঁ ৰজাক জনালে। ৰজা অঙ্গীকাৰ পালিবলৈ বাধ্য হল; গতিকে তাৰ বেজাৰতে তেওঁ মুছ্ কছ্ গৈ সেই অৱস্থাতে ঢুকাল।
ৰামচন্দ্ৰ বনলৈ ওলাল। লগত তেওঁৰ গাৰ ছাঁৰ নিচিনা মৰমৰ ভাৰ্য্যা সীতাদেবীও যাবলৈ ওলাল। এনে সময়ত ভায়েক লক্ষ্মণে ৰামচন্দ্ৰত এই বুলি মিনতি কৰি জনালে, “প্ৰভু, এই দাসকো লগত লওক। আপোনাৰ বিহনত এই ৰাজ্য মই শূন্য দেখিম! আপোনাক দিনৌ সেৱা কৰিবলৈ নাপালে মোৰ জীৱন এনেই যোৱা যেন লাগিব। তাৰ উপৰিও, মোৰ মাতৃৰ নিচিনা বৌদেও বনলৈ ওলাইছে; এই দাসৰ বিহনে তেওঁক বনত কোনে শুশ্ৰূষা কৰিব? বনত বৌদেৱে দুখ পাব লাগিলে মই ৰাজ্যত জীৱন ধৰাৰ সকাম নাই! এতেকে প্ৰভু, এই দাসক