সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
নীতি-শিক্ষা


লগুৱাই গৰাকীক নিজৰ প্ৰাণত্ কৈও ভাল পায়। এতেকে, তুমি সিহঁতক মৰম কৰিবাঁ, আৰু সততে মিঠা মুখেৰে মাতিবাঁ।

 তলৰ মানুহ মাত্ৰেই ওপৰৰ জনৰপৰা মৰম আৰু আদৰ পাব লাগে। তেহে ওপৰৰ লোক আৰু তলৰ মানুহৰ ভিতৰত সদায় মিলা-প্ৰীতি থাকে। আৰু, এনে মিলা-প্ৰীতিৰ গুণত হে সংসাৰ সুখৰ হয়। এতেকে, বয়সত আৰু সমন্ধত তোমাতকৈ যিবিলাক সৰু, সিবিলাকক তুমি সদায় মৰম আৰু আদৰ কৰিবাঁ। এতিয়াৰপৰা অভ্যাস কৰিলে হে আগলৈ তোমাৰ সেই স্বভাৰ হব। তেহে তুমি আগলৈ সংসাৰত সুখীয়া হব পাৰিবাঁ।

ভাই-ককাইৰ ভক্তি-স্নেহ।

 অযোধ্যাৰ ৰজা দশৰথৰ তিনি গৰাকী কুৱঁৰী আছিল। বৰ গৰাকীৰ নাম কৌশল্যা, মাজিউ গৰাকীৰ নাম কৈকেয়ী আৰু সৰু গৰাকীৰ নাম সুমিত্ৰা। এই তিনি গৰাকী কুৱঁৰীৰপৰা দশৰথ ৰজাৰ চাৰিজন পুত্ৰ লাভ হয়; —কৌশল্যাৰ গৰ্ভত ৰামচন্দ্ৰ, কৈকেয়ীৰ গৰ্ভত ভৰত, আৰু সুমিত্ৰাৰ গৰ্ভত