পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সপ্তমঃ পৰিচ্ছেদঃ।

ব্য়ূহকথনং।

শত্ৰুপক্ষে অন্য অষ্টকোটস্য় ভেদনোপায়মাহ,-

হংসৈঃ সহ ময়ুৰাণাং বিগ্ৰহে তুল্যবিক্ৰমে।
বিশ্বাস্য বঞ্চিতা হংসাঃ কাকৈঃস্থিত্বাৰিমন্দিৰে॥

-হিতোপদেশ

 বুদ্ধিমত্ত ৰাজাই বিগৃহীত শত্ৰক বলবন্ত দেখে যদি এইৰূপে মন্ত্ৰণা কৰিব। আপোনাৰ দেশৰ হিতকাৰী মানুষকে চাৰিটা বা তিনিটা পঠাব। সিহঁতে গৈ আত্মবেশ ছন্ন কৰি সেই দেশীয় হৈ শত্ৰুৰ আপ্ত বিশ্বাসিত অন্তৰ্বাসী হই বৎসৰ ছই মাহ সেই দেশত থাকি তাৰ পৰা এটা আহি স্বৰাজাত শত্ৰুৰ বলাবল চলাচল কব। আনো উপাই মন্ত্ৰণাক জনাই থাকিব। আৰু যেখন বিগ্ৰহৰূপ সমই তুমুল হই তেখন এমত আচৰিব। শত্ৰুৰ গৃহত জুই লগাব। জলত বিষ দিব। কোটব্য়ূহৰ দ্বাৰসব যুক্ত কৰিব। আৰু তাৰ প্ৰধান পুৰুসেৰে স্বৰাজাক মিত্ৰ কৰাব। এবম্বিৰ সময়ত শত্ৰুক সমুলঘাত কৰিব। যদি এই প্ৰকাৰেও কাৰ্য্য়সিদ্ধি নহে হেন দেখে, ৰাজাই আম্ৰাতকৰ বীৰ্য্য ঘৃতভৰ্জিত কৰি শুস্ক সাগ্নি কৰি কাণ্ডৰ আগত বান্ধি বা হিলৈৰ আগত চৰায় বা শত্ৰুৰ গৃহত অগ্নি লগাব। এবম্প্ৰকাৰে আকুল শত্ৰুক ধৰিব। অন্যপ্ৰকাৰমাহ - বুদ্ধিৰচিত জগাকাষ্ঠ কৰি ঔষধিৰ দ্বাৰাই উপায় কৰি চাব। কোটস্য় ভেদনোপায় মাহ,-

মৃন্ময়ে সাধয়েৎ খণ্ডিং জলস্থে জলমোক্ষণং।
গ্ৰামদুৰ্গেহগ্নিদাহশ্চ প্ৰবেশো গহ্বৰস্য চ॥
পৰ্বতে স্থানভেদশ্চ ভূতলং ডামৰেণবৈ।
বক্ৰস্থে কৰিযুদ্ধঞ্চ বিষমস্থায়িজায়িনৌ॥
উপতাপচিৰাদ্ৰোধোহবস্কন্দস্তীব্ৰপৌৰুষং।
দুৰ্গস্য় লঙ্ঘনোপায়াশ্চত্বাৰঃ কথিতা ইমে॥