পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতিলতাঙ্কুৰ


অনালোচিতকাৰ্য্য়স্য় বাগ্ জালং বাগ্নিনো বৃথা
নিমিত্তাদপৰাদ্ধেষোৰ্ধানুষ্কস্য়েব বল্গিতং। মাঘ-২।২৭

 অস্য়াৰ্থঃ—হিতকাৰী পুৰুষেৰে কাৰ্য্য আলোচন কৰি শুভাশুভ স্থিৰ কৰিব। যি পুৰুষে পৰম্পৰ কাৰ্য্য আলোচন নকৰি কৰিম বোলে তাৰ বাক্য মিছা; যেন কোনো ধানুষ্ক পুৰুষে হেদামত বাণ লগাব নোৱাৰিলে তাৰ অঙ্গীকৃত যেন অসত্য তেমত বুঝিব।

শক্যাশক্যপৰিচ্ছেদং কুৰ্য্যাৎ বুদ্ধ্যা প্ৰসন্নয়া
কেবলং দন্তভঙ্গায় হস্তিনঃ শৈলতাড়নং। কামন্দক—১২।১১

 অস্য়াৰ্থঃ—পুৰুষে প্ৰসন্ন সুতীক্ষ্ণ বুদ্ধিৰ দ্বাৰায় আপোনাৰ সৈন্যৰ বলবীৰ্য্য সামৰ্থ্য়ক বুঝি কাৰ্য্যৰ শক্যাশক্য় সিদ্ধাসিদ্ধ বিচাৰ কৰি নিশ্চয় কৰিব। যেনে কোনো বলবন্ত হস্তীয়ে বলৰ দৰ্পত থাকি পৰ্বতক ভেদ কৰে, পৰ্বতো ভেদ নহে দন্তো ভাগে দুঃখমাত্ৰ পাত্ৰ। এমত কৰিলে দুঃখমাত্ৰ পাই, এমত নকৰিব।

লোকপ্ৰসিদ্ধমেবৈতৎ বাৰি বহ্নেনিয়ামকং।
উপায়োপগৃহীতেন তত্তেনৈব বিশেষ্যতে। কাম—১২।২৯

 অস্য়াৰ্থঃ —অগ্নি জলৰ পৰস্পৰে শত্ৰু। জলেন অগ্নিং নাশয়তি। সেই অগ্নিয়েৰে উপায়ৰ দ্বাৰাই গৃহীত হলে সেই জলকে শোষণ কৰে। এতেকে সৰ্বথা উপায় প্ৰধান।

নিস্ফলং ক্লেশবহুলং সন্দিগ্ধফলমেবচ
ন কৰ্ম কুৰ্য্য়াম্নতিমান্ মহাবৈৰাৰ্থকানি চ॥ কাম—১২।২২

 অস্য়াৰ্থঃ —“যৎ কাৰ্য্য়ং নিস্ফলং ফলৰহিতং, ক্লেশবহুলং দুঃখবহুলং, সন্দিগ্ধফলং ইদং কাৰ্য্য়ং ভবেন্নোবা ইতি সংশয়ঃ॥

ইতি কৰণীয়কাৰ্য্য়নিশ্চয়ঃ॥

⸻০⸻