পৃষ্ঠা:নিবেদন.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
নিবেদন


ভয় নাই একেল'কে মই থাকোঁ মানে,
 পাবা বস্তু সকলো যতোৱা,
তোমাৰেই বুলি মোক সততে জানিবা
 তুমি মোৰ পোনা আলসুৱা;
চ’হ্-চ’হ্— এ মোৰ কেঁচুৱা পোনাটি।

পাৰোঁ মানে ভাল মই লগাম তোমাক,
 হাঁহি দেখি স্বৰ্গ ঢুকি পাম,
নুবুজা মাতেৰে মোক কু-কুঁ-কা-কা কৰি
 ক'লে মই কথা বুজি পাম;
চ’হ্-চ’হ্—এ মোৰ কেঁচুৱা পোনাটি।

মোৰ যদি কেতিয়াবা আন কিবা হয়
 কোনে আৰু মৰম কৰিব!
ওলায় চকুৰ পানী মনত পৰিলে
 কোনে আৰু কোলাত তুলিব!
চ’হ্-চ’হ্—এ মোৰ কেঁচুৱা পোনাটি।