পৃষ্ঠা:নিবেদন.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
নিবেদন ৷


“জ্বৰ পৰি থাকোঁতেও তোৰ কথা সোধে,
 কোষলৈ নিদিয়ে আনিব,
থয় তোক নিলগত, জানো কিবা ৰূপে
 সেই জ্বৰ তোৰ গাতো হ’ব।

“জ্বৰৰ গাৰেই মোক কেবা বাৰো ক’লে
 পুতলা কেউটা থবলৈ,—
‘যেতিয়া ডাঙ্গৰ হ'ব ভনীটিক মোৰ
 ৰঙ্গ মনে মই দিবলৈ।

নেপালে সোণায়ে মোৰ তোক দিবলৈ
 কোনো বস্তু তাৰ আশা কৰা,
তোক এৰি চিৰকাল মোক কন্দুৱাই
 আঁতৰিল পৃথিবীৰ পৰা।

“ইয়াতে পেলালে পুৰি চাই হৈ গ’ল,
 কতো তাৰ চিন-চাব নাই,
গজি থকা কলাপুলি দেখি আজি মোৰ
 চকুপানী আহিছে ওলাই।”

কথা শুনি ৰঙ্গিলাই অতি বেজাৰেৰে
 হুৰা’-ৰাৱে লাগিল কান্দিব,
কতনো বুজালে আৰু কত কথা ক’লে
 নোৱাৰিলে মাকে নিচুকাব।