পৃষ্ঠা:নিবেদন.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
নিবেদন।

যিটি বস্তু বগা বুলি সকলোৱে ভাবে
 ক’লা চেকা তাৰ গাতো পাবা,
ওচৰত চালে আহি ফুলৰ পাহিতো
 বদ্‌গুণ বহুত দেখিবা।

তদুপৰি বৰকৈ দাই ধৰি গ'লে
 লাহে লাহে যাব জঁয় পৰি,
যিমান সুঙ্গিব লাগে তাতোকৈ যদি
 বেচি সুঙ্গা,—পাহি যাব সৰি।

সকলোৰে সীমা আছে, সেই সীমা আমি
 পাৰ হই কদাপি নেযাওঁ,
যিমানৰ পৰা ফুল চালে ভাল দেখি,
 সিমানৰে পৰা আমি চাওঁ।

জলন্ত মহীত যদি সোণো ঢালি দিওঁ
 ততালিকে গলি পানী হয়,
সেই দৰেঁ পৰো যদি চোকা বিচাৰত
 নিজ ৰূপে কিবা ৰূপ লয়।