পৃষ্ঠা:নিবেদন.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
সত্যৰ শত্ৰু।



সত্যৰ শত্ৰু।

প্ৰকৃতিয়ে নিজে কৰিছে খিয়াল
 সত্যক নিদিয়ে লাই,
থকা চিন কাৰো নেথাকে একেই
 বতাহে দিয়ে লৰাই।

নৈয়ে নিয়ে ভাঙ্গি, বৰষুণ পৰি
 গঢ় পতি লৰি যায়,
আজিৰ বস্তুটো চালে কাইলৈ
 চিনত একে নেপায়।

আজিৰ কথাৰে কালিৰ বুৰঞ্জী
 ৰচিলে হেৰাব দিক,
কালি কি আছিল আজিৰ কামেৰে
 নোৱাৰা কৰিব ঠিক।

সকলোৱে মিলি সত্যৰ বাটত
 পাতিছে বেহুৰ জাল,
পাৰহৈ গৈ সত্য উলিওৱা
 কোনেও নেপায় ভাল।