পৃষ্ঠা:নিবেদন.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
প্ৰাৰ্থনা

মিছা সেই কথা,—জগত্‌‌‌‌-পিতাৰ
 নহয় বহুত ঘৰ,
একেটি মাথোন দেৱৰ মন্দিৰ
 ঘৰ সেয়ে জগতৰ,—
চাল খনি তাৰ আকাশতে আছে,
 চাকি চন্দ্ৰ, সূৰ্য্য, তৰা,
বতাহে সদাই তাপ আঁতৰায়,
 ঘাঁহেৰে আসন পৰা।


প্ৰাৰ্থনা।

সকলোৱে মিলি পুৱা বা গধূলি
 নেলাগে মুখেৰে গাব,
তাল খোল লই নেলাগে বজাব,
 নেলাগে দবা কোবাব;
বিশ্বৰ মাজত সদাই বাজিছে
 বিভুৰ প্ৰাৰ্থনা গীত,
মিলি যোৱা তুমি তাৰ লগে লগে
 সমৰ্পা আপোন চিত।