পৃষ্ঠা:নিবেদন.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
নিবেদন।


গতি মোৰ আগপিনে কাতি-কুতা নাই,
 হোঁহোঁকাব নোৱাৰে কোনেও,
হয়তো অইন মোৰ আগবাঢ়ি যাব,—
 যাম,—মোক লগ এৰিলেও।

যাওঁতে লাগিব পাৰে বহুদিন ৰ’ব
 বাটৰুৱা বহুত ঘৰত,
পাম গই সেই ঠাই পলম হ’লেও
 অৱশ্যে কোনোবা এদিনত।

নেৱাৰা বুজিব

আছে পৃথিবীত বহুত জীৱ
 কোমল গঠন অতি,
আমাৰ গুণেৰে নোৱাৰো ধৰিব,
 আমিও নেবাধোঁ গতি।

আছে পৃথিবীত বহুত জীৱ
 আমিও নেলাগোঁ গাত,
একোৰে আমাক নোৱাৰে মনিব,
 নেভেঁটে আমাৰ বাট।