পৃষ্ঠা:নাম-মালিতা.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৭৫ ﴿

যতেক তীৰ্থৰ ফল লভিয়া সমস্ত।
আহ্মাতে সাবুজ্য গৈয়া হোৱয় পাচত॥
বৈশ্বানৰ সংহিতাত শুনা যেন নয়।
নামৰ মহিমা কৰ্ম্ম কথন সময়॥৩৬৭॥
পিম্পল ৰাজাত শুকশৰ্ম্মা নিগদতি।
হৰিৰ নামৰ শুনা মহিমা নৃপতি॥
নানা দেৱ পূজা কৰে কুপাদি নিৰ্ম্মাণ।
গঙ্গা আদি নানান তীৰ্থত কৰে স্নান॥৩৬৮॥
যাগ যোগ যজ্ঞ দান নানা তীৰ্থ ব্ৰত।
আচৰয় আনো কৰ্ম্ম ধৰ্ম্ম আছে যত॥
আত হন্তে যত পুণ্য পাৱয় প্ৰধান।
হৰি কীৰ্ত্তনক কেহো নুহিকে সমান॥৩৬৯॥
সিসব যতেক পুণ্য বিনাশী সকল।
হৰিৰ কীৰ্ত্তনে দেই মহা মোক্ষফল॥
ব্ৰহ্ম প্ৰৌক্ত সংহিতাত শুনিয়ে সমস্ত।
ভগৱন্ত ঈশ্বৰৰ নাম প্ৰস্তাৱত॥৩৭০॥
বোলন্ত আগে কৃষ্ণ দেৱৰ বচন।
বোলন্ত শুনিয়ে তুমি থিৰ কৰি মন॥
নানাবিধ ফল মোৰ নাম কীৰ্ত্তনৰ।
শুনিয়ো ইহাত শ্ৰদ্ধা নকৰে যি নৰ॥৩৭১॥
আৰু অৰ্থ বাদ মাত্ৰ কৰয় নামত।
তাত পৰে অধম নাহিকে জগতত॥