পৃষ্ঠা:নাম-মালিতা.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
﴾ ৬ ﴿

অনায়াসে তৰে যত সংসাৰৰ ক্লেশ
শৰীৰ তেজিয়া হন্ত কৃষ্ণত প্ৰবেশ॥২৮৯॥
দ্বিজগণে মন্ত্ৰক উচ্চাৰি দেন্ত ঘৃত।
সিটো হোম হোৱে হেন প্ৰবেশ বহ্ণিত॥
কৃষ্ণক সুমৰি গৈয়া প্ৰবেশে কৃষ্ণত।
দৃষ্টান্ত সহিতে আক কৰিলো বেকত॥২৯০॥
নাম কীৰ্ত্তনৰ আৰু শুনা ফলান্তৰ।
হৰি হেন নাম ইটো দুগুটি অক্ষৰ॥
হৰি হৰি বুলি যিটো কৰয় কীৰ্ত্তন।
পৰম কৃতাৰ্থ আতি হোৱে সিটোজন॥২৯১॥
যি কালত প্ৰাণীগণে প্ৰয়াণ কৰয়।
পুণ্যৰ সম্বল হৰি নামেসে অক্ষয়॥
নাহি মহা ব্যাধি আৰ সংসাৰত পৰে।
হৰিনাম ঔষধে সে তাক দূৰ কৰে॥২৯২॥
মনুষ্যৰ দুঃখ শোক সাগৰ সমান।
হৰিনাম নাৱেসে কৰয় পৰিত্ৰান॥
সংসাৰ সাগৰ তৰিবাক যাৰ চিত্ত।
হৰিনাম কীৰ্ত্তন নেৰব কদাচিত॥২৯৩॥
আৰু শুনা হৰিনাম কীৰ্ত্তনৰ ফল।
হৰিনাম কীৰ্ত্তনেসে পৰম মঙ্গল॥
মাতৃ পিতৃ গো দ্বিজ গুৰু আছে মাৰি।
ইসব প্ৰমুক্ষে যত পাপী অহঙ্কাৰী॥২৯৪॥