পৃষ্ঠা:নাম-মালিতা.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
﴾ ৬০ ﴿

সমস্ত জগতে আতি হৰিষ কৰয়।
বাঢ়ে অনুৰাগ মনে সন্তোষ মিলয়॥
তোহ্মাৰ কীৰ্ত্তন আতি পৰম অগণি।
তাৰ শিখা লাগে যক্ষ ৰাক্ষসক চানি॥
সহিতে নপাৰে গাৰ দগ্ধ আতি কৰে।
দশোদিশে ভাগি পলায় যায় নিৰন্তৰে॥
নাম কীৰ্ত্তনক শুনি সিদ্ধগণ যত।
কৰে নমস্কাৰ পাতি হুয়া অৱনত॥
কাহাৰো সন্তোষ তযু নাম কীৰ্ত্তনত।
কেহো কেহো মহা দুঃখ পাৱয় মনত।
ইটো আতিশয় প্ৰভু অদভুক্ত নয়।
পৰম যুগুত ইসে মোৰ মনে লয়॥২৬
গীতাৰ প্ৰসঙ্গ সংহৰিলো এহিমানে।
ভাৰত বিভাগে আবে শুনা সাবধানে।
যদি ভৈল বিহীন লক্ষণ নিৰন্তৰে।
সমস্ত পাতক যুক্ত যদি হোৱে নৰে॥
শিৱক ভাবনা চিত্তে কৰন্তে কেৱল।
হৰয় সমস্তে সিটো পাপ অমঙ্গল॥
যাৰা সবে কৃষ্ণতেসে হুয়া অবনত।
কৃষ্ণকেসে অনুক্ষণে স্মৰয় মনত॥
ৰাত্ৰিটো কৃষ্ণক মাত্ৰ স্মৰে নিৰন্তৰে।
প্ৰভাতে উঠিয়া পুনু কৃষ্ণক সুমৰে॥