পৃষ্ঠা:নাম-মালিতা.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
﴾ ৫৬ ﴿

হৰি থাকে ব্ৰাহ্মণৰ বহু চিত্তচয়।
হৰি বুলি যি কালত কীৰ্ত্তন কৰয়॥
সিসব সকল পাপ জানিবা নিশ্চয়।
হৰিৰ কীৰ্ত্তন বহ্ণি ত্বৰিতে দহয়॥২৬২॥
যেন বহ্ণি কাষ্ঠচয় দহি ভষ্ম কৰে।
জানি হৰি কীৰ্ত্তন কৰিয়ো নিৰন্তৰে॥
ব্ৰহ্মাণ্ড শতেক দানে পাৰে যত ফল।
গোবিন্দ কীৰ্ত্তনে তাক পাৱয় সকল॥২৬৩॥
পাপ নষ্ট কৰে পুণ্য ফলক পাৱয়।
হৰিৰ নামৰ ইটো অদভূত নয়॥
যিহেতু হৰিৰ নাম কীৰ্ত্তন কৰিয়া।
চাণ্ডালো মুকুত হোৱে সংসাৰ তৰিয়া॥২৬৪॥
হৰি কীৰ্ত্তনৰ জানা মহিমা অনন্ত।
বেদগণো কহিবাৰ নপাৱন্ত অন্ত॥
উপনিষদৰৰ ইটো পৰম সম্মত।
জানিয়া কৰিয়ো ৰতি হৰি কীৰ্ত্তনত॥২৬৫॥
মহাভাৰতত যত হৰিৰ নামৰ।
কহিছে মহিমা তাক শুনা আতপৰ॥
উদ্যোগ সময়ে কৃষ্ণ সভাৰ মধ্যত।
আপোন নামৰ কন্ত আপনি মহত॥২৬৬॥
যুধিষ্ঠিৰ মুক্ষকৰি যত ৰাজাগণ।
সবকো সম্বোধি কৃষ্ণে বোলন্ত বচন॥