পৃষ্ঠা:নাম-মালিতা.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৫৬ ﴿

এতেকতে সমস্তে পাপতে মুক্ত হয়।
সুৰ্য্য যেন প্ৰকাশ কৰয় আতিশয়॥২৫৬॥
আতপৰে শুনিয়ো আদিত্য পুৰাণত।
যিমত কহিয়া আছে নামৰ মহত॥
হৰি কীৰ্ত্তনত যত পুণ্য উপাজয়।
মহা পাতকত সেহি পুণ্যে বিনাশয়॥২৫৭॥
সৰ্ব্ব কামপ্ৰদ হৰি নামৰ কীৰ্ত্তনে।
জানি ইটো লোকত যি সৰ মহাজনে।
সমস্তে তেজিয়া হৰি নামক গাৱয়।
কল্যাণ স্বৰূপ পৰম্পদক পাৱয়॥
আদিৰস পুৰাণত শুনা আতপৰে।
সংসাৰত মহাভয় হয় যিটোনবে॥
বাসুদেৱ নাম মাত্ৰ সদা উচ্চাৰয়।
এতেকতে সংসাৰত হন্তে মুক্ত হয়॥২৫৯॥
বিষ্ণুৰ পদক গৈয়া পাৱে আনন্দত।
নকৰিবা আত কিছু সংশয় মনত॥
বায়ু পুৰাণত শুনিয়োক আতপৰ।
কহয় প্ৰভাৱ যেন ঈশ্বৰ নামৰ॥২৬০॥
পৰম হৰিৰে আতি যিটো মহাপয়।
নমো নাৰায়ণ বুলি কীৰ্ত্তন কৰয়॥
গুৰু ভাৰ্য্যা শত যদি হৰিয়া থাকয়।
সিসব পাপত হন্তে সদ্যে মুক্ত হয়॥২৬১॥