পৃষ্ঠা:নাম-মালিতা.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭

মঞি মহা দূৰা চাৰ তযু পাৱে
 শৰণ পশিলো জানি ॥ ৬০৬ ॥
আপোনাৰ নিজ বাণী সত্যকৰি
 নবঞ্চিবা প্ৰভু মোক।
মোৰ আন কাম নাহি তযু পাৱে
 নিৰ্ম্মল ৰতি মিলোক ॥
যেন সৰ্ব্বক্ষণে আহ্মাৰ বদনে
 নছাড়ে তোহ্মাৰ নাম।
এহি অনুগ্ৰহ কৰিয়োক মোক
 ডাকি বোলা ৰাম ৰাম ॥ ৬০৭ ॥