চ্যবন শ্ৰুতিত পুনু শুনা এক মনে।
কহে যেন মত প্ৰায়চিত্ত প্ৰকৰণে॥
এহিমানে শুনি শ্ৰুতি স্মৃতি প্ৰধানত।
ইটো ৰাম নামে মাত্ৰ স্মৰণি সতত॥ ৪৭৫॥
আত পৰে পূণ্য শ্ৰেষ্ঠ নাহি ত্ৰিভুৱনে।
জানি ৰাম নাম মাত্ৰ স্মৰা সৰ্ব্বক্ষণে॥
ৰাম নাম কীৰ্ত্তন কৰন্তে আতিশয়।
তাৰক ব্ৰহ্মক গৈয়া নিশ্চয়ে দেখয়॥ ৪৭৬॥
প্ৰায়শ্চিত্ত প্ৰকৰণে মাণ্ডব্য শ্ৰুতিত।
নামৰ মহিমা শুনিয়োক দিয়া চিত্ত॥
নামত সুশৰ্ম্মা এক ব্ৰাহ্মণ মহন্ত।
তাহান আগত ঋষি মাণ্ডব্যে কহন্ত॥ ৪৭৭॥
বোলন্ত শুনিয়ো মোৰ বচন সুশৰ্ম্মা।
দেঞো লেখা যত যত আছে মন্দ কৰ্ম্মা॥
সুৰা পায়ী স্বৰ্ণ হাৰী চোৰ ভগ্নব্ৰত।
অশুচি পাতকী ব্ৰাহ্মণক কৰে হত॥৪৭৮॥
স্বাধ্যায় বৰ্জিত পাপ লুব্ধক দুষ্কৃত।
অসতী বৃধলি পতি বঞ্চক দুৰ্নীত॥
খণ্ডিয়া তিনিৰো ভাত পাৰে খাইবাক।
জানিবাহা কুণ্ডাশি পাতকী বুলি তাক॥৪৭৯॥
দ্বিজ হুয়া দধি দুগ্ধ ঘৃতক বিকয়।
সোম বিক্ৰয়ী পাপী তাহাক বোলয়॥
পৃষ্ঠা:নাম-মালিতা.djvu/১০৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯