পৃষ্ঠা:নাম-মালিতা.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮

নাহি মহা ভাগ্যৱন্ত তাসম্বাত পৰ।
জানা দ্বিজোত্তম তাৰা সব নৰেশ্বৰ॥ ৪৬৯॥
ৰূদ্ৰক কীৰ্ত্তন যাৰা সদায় কৰয়।
নুহি এক বাৰমাত্ৰ যদি উচ্চাৰয়॥
শত জন্ম কৃত যত পাতক আছয়।
সমস্তে পাপত তাৰা মুকুত হোৱয়॥৪৭০॥
শিৱ নাম কীৰ্ত্তনৰ কহি মহিমাক।
বৈৰিঞ্চি সৰ্ব্বস্বে যেন কহে শুনা তাক॥
হৰিৰ নামৰ কীৰ্ত্তনত হন্তে নৰ।
সদ্য়ে মুক্ত হোৱে মহা পাপ সমূহৰ॥ ৪৭১॥
হৰি কীৰ্ত্তনত মহা ভাগ্য নিলে যাৰ।
দুৰ্ঘোৰ সংসাৰ সাগৰত পাৱে পাৰ॥
যত পাপ উপজয় কলিৰ দোষত।
কোন চিত্ৰ শীঘ্ৰে নামে কৰিবেক হত॥ ৪৭২॥
শিৱ সৰ্ব্বস্বত আৰু শুনিয়ো সকল।
ৰাম নাম কীৰ্ত্তনৰ কহে যেন ফল॥
কলিৰ দোষত পাপ যত উপজয়।
তাৱতেসে সিটো ইটো দেহত থাকয়॥ ৪৭৩॥
তাৱতেসে ভয় প্ৰবৰ্ত্তয় পুৰুষত।
ৰামক কীৰ্ত্তন নৰে নকৰে যাবত॥
জানি ৰাম নাম সবে কৰিয়ো কীৰ্ত্তন।
কলি দোষ আদি দুঃখ সবে হোক ছন্ন॥ ৪৭৪॥