পৃষ্ঠা:নাম-মালিতা.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫

হৰি যেন ইটো দুগুটি অক্ষৰে
 মিলাৱে তাক সকল॥
সহস্ৰেক কোটি  কৰিয়া গোদান
 অযুত কন্যাৰ দানে।
পাৱে যেন কাল হৰি দুঅক্ষৰে
 সাধে তাক বিদ্যমানে॥ ৪৫৯।
হৰি হেন ইটো দুগুটি অক্ষৰ
 আৰু যিটে। উচ্চাৰয়।
দুৰ্গম পথত প্ৰাণ পয়াণত
 সম্বল ইসি অক্ষয়॥
জন্ম মৃত্যু ময় দুৰ্ঘোৰ সংসাৰ।
 মহব্যাধি অতিশয়।
হৰি ইটো হেন দুগুটি অক্ষৰ
 ঔষধ তাৰ নিশ্চয়॥ ৪৬।
শোক দুঃখ ক্লেশ আদি পুৰুষৰু
 পীড়া কৰে বিদ্যমান।
দুটয় অক্ষৰ হৰি নামে মাত্ৰ
  কৰে তাত পৰিত্ৰাণ॥
তাৰক দেৱতা হৰি দু-অক্ষৰ
 নামক যিটো স্মৰয়।
অসাৰ সংসাৰ সাগৰত ইসে
 অধিক ৰূপে তৰয়॥ ৪৬১।