পৃষ্ঠা:নাম-মালিতা.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬

হৰি হেন ইটো দুগুটি অক্ষৰ
 জিহ্বাত যাৰ থাকয়।
সমস্তকে জিনি পায়ে পৰম্পদ
 হৰিক পাৱে নিশ্চয়।
দুটয় অক্ষৰ হৰিৰ নামৰ
 বলৰ নাহিকে সীমা।
সংসাৰ বিনাশে হৰিক প্ৰকাশে
 হেনসে আৰ মহিমা॥ ৪৬২।
জানি মহাজন হৰিৰ কীৰ্ত্তন
 নেৰিবাহা কদাচিত।
আৰ পৰে আৰ নাহি মহা ধৰ্ম্ম
 দুৰ্ঘোৰ ইটো কলিত॥
চিত্ত বিত পাত্ৰ সবাকো মলিন
  কৰিলেক পাপী কলি।
বিচাৰি দেখিয়ো সংসাৰ মধ্যত
 আত পৰে নাহি বলি॥৪৬৩।
কেৱলে হৰিৰ নাম কীৰ্ত্তনেসে
  কলিৰ বল টুটায়ে।
পাপক সংহৰি সংসাৰ নিস্তৰি
 দুৰ্ল্লভ মুকুতি পাৱে॥
ইটো পৰমাৰ্থ জানিয়া মুখত
 নেৰিবা হৰিৰ নাম।