কৰয়॥ ১২১॥ তুমি কৃষ্ট নাম ৰসক লভিয়া মুকুতিহো ন গণয়। ৰামকৃষ্ট নাম পৰম আনন্দ সমুদ্ৰে মজি থাকয়॥ ১২২॥ ৰামকৃষ্ট নাম কীৰ্ত্তন প্রসাদে হৰিৰ বল্লভ হয়। ৰামকৃষ্ট নাম কীৰ্ত্তন কৰিয়া হৰিকো বশ্য কৰয়॥ ১২৩। ৰাম হৰি জয় ৰাম হৰি গােপাল গােবিন্দ ৰাম হৰি জয় ॥ ১২৪॥ ৰাম হৰি জয় ৰাম ৰাম হৰি জয় ৰাম ৰাম ॥ ১২৫॥ এহৰি হৰি ৰাম জয় ৰাম হৰি জয় ৰাম গোবিন্দ ॥ ১২৬ ॥ ৰামজয় জয ৰাম জয় মুকুন্দ মুৰাৰি ৰাম হৰি জয় ॥১২৭॥
খেদ ॥ হৰি হৰি হৰি হৰি হৰি হৰি হৰি কি কাম কৰিলোঁ আমি । সাধু সঙ্গ লৈয়া তােমাক ন ভজি ভৈজোঁ কিনো অধােগামী॥ ১২৮॥ নিজদাস হুয়া সেবাক তেজিলোঁ। এহি দোষে ঘোৰ আপদে মজিলোঁ॥ ১২৯॥ তুমি সি সুহৃদ আত্মা প্রিয়তম । তোমাক তথাপি ন জানোঁ অধুম ॥ ১৩০ ॥ তুমি নিজ পিতৃ গুরু ইষ্ট মােৰ। মই মন্দমতি ভৈলা সেৱাচোৰ ॥ ১৩১॥ অধমকো তাৰে তোমাৰ ভকতি । তথাপি তোমাক ন ভজোঁ কুমতি ।১৩২॥ ইষ্ট দেব বুলি তোমাক ন ধৰোঁ নিকাৰ ভুলিয়া সংসাৰতে মৰোঁ॥ ১০৩ ॥ তুমি সে কেৱলে করুণা সাগৰ। তােমাক ন ভজোঁ কি মই পামৰ॥ ১ত৪॥ এবে কৃপাময় দিয়োক শৰণ। দোষ মৰিষণ তােমাৰ চৰণ॥ ১৩৫॥ ইবাৰ ঈশ্বৰ ন চাড়িবা মোক। মোৰ মন মজি তােমাতে ৰহােক ॥১৩৬॥ মোৰ প্ৰাণ হৰে জীৱন প্রাণ হৰে। হৰিৰে ৰাম ৰাম কৃষ্ট