পৃষ্ঠা:নামঘোষা.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৮৫ ]

নিৰঞ্জন ও ৰাম নিৰঞ্জন, নিৰাকাৰ হৰি ৰে ৰাম॥ ৮৬॥ ৰাম সদাশিৱ ও ৰাম সদাশিৱ, সনাতন প্ৰভুৰে ৰাম॥ ৮৭॥ ৰাম দয়াশীল মোৰ প্ৰভু দয়াশীল দেৰ দীনবন্ধুৰে ৰাম॥ ৮৮॥ হৰিহৰ পৰমানন্দ প্ৰভু পীতাম্বৰ হৰি পীতাম্বৰ। পীতাম্বৰ পীতাম্বৰ প্ৰভু পীতাম্বৰ॥ ৮৯॥ হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম, হৰি হৰিএ নাৰায়ণ, জয় গোবিন্দ ৰাম॥ ৯০॥ পৰমা- নন্দ জয় পৰমানন্দ হৰি হৰি হৰি হৰি হৰি হৰিএ,চৰি হৰি এ পৰমানন্দ জয় পৰমানন্দ।॥৯১॥ কমলাকান্ত জয় কমলাকান্ত কমললোচন বনমালী হৰিএ বনমালীএ কমলা- কান্ত জয কমলাকান্ত॥ ৯২॥ দামোদৰ প্ৰভু দামোদৰ দৈবকী- নন্দন দীনবন্ধু হৰিএ দীনবন্ধু এ দামোদৰ দেৱ দামোদৰ॥৯৩॥ জগতজীৱন ৰাম যদুপতি জগতজীৱন ৰাম হৰি হৰি জগত জীৱন ৰাম। জগতজীৱন ৰাম যদুপতি জগতজীৱন ৰাম হৰি হৰি জগতজীৱন ৰাম॥ ৯৪ ॥ জগজীবন ৰাম জগজীৱন ৰাম জগজীৱন ৰাম। জগতৰ সুমঙ্গল তুয়াগুণ নাম॥ ৯৫॥ মধুসূদন দৈৰ মধুসূদন দেব। তুমি বিনে অগতিৰ গতি- নাহি কেৱ॥ ৯৬॥ ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম হৰি হৰি। ৰামতে ৰমোহোঁ অবিৰাম ৰাম ৰাম॥ ৯৭॥ ৰামনাম ধৰ্ম্ম অনুপাম হৰি হৰি। পুৰা ভকতৰ মনকাম ৰাম ৰাম॥ ৯৮॥ কলি- যুগে ৰাম নাম সাৰ হৰি হৰি। ৰাম নাম বিনে নাহি আৰ ৰাম ৰাম॥ ৯৯॥ ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি। ৰাম নাম জগত উদ্ধাৰ ৰাম ৰাম॥ ১০০॥ ৰাম নাম অমূল্য ৰতন হৰি হৰি। ৰাম নাম বিনে নাহি ধন ৰাম ৰাম॥ ১০১ ॥