পৃষ্ঠা:নামঘোষা.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 99 ) ৰম ঈশ্বৰ নমানি হৰি হৰি হৰি হষিএ, মহা অহঙ্কাৰে দ্রোহ আচৰিলো.আমি। আবে তযু পদে শৰণ পশিলো, হৰি হৰি হৰি হৰি, মই দ্রোহিয়াৰ দোষ ক্ষমা কৰা স্বামী। ১২৭। দাস হুযা তৰু সেবন কৰিলো হৰি হৰি হৰি হৰি, ইতে। ঘােৰ অপৰাধৰ চিকিৎসা নাই। তুমি পুনু প্রভু সহজ কৃপালু, হৰি হৰি হৰি হৰি, শৰণ পশিলো ক্ষমিবে প্রভু জুৱাই ১২৮। মই অজ্ঞানিৰ যতেক অজ্ঞান, হৰি হৰি হৰি হৰি, কথা কহি কোনে সীমা কৰিবেক তাক। ইতাে মােৰ ঘৰ দোষ পৰিহৰি, হৰি হৰি হৰি হৰি, কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক। ১২৯ প্রিযতম আত্মা ঈশ্বৰ দেৱত, হৰি হৰি হৰি হৰি, কৃষ্ণে’স সুহৃদ বান্ধৱ গুরু আমাৰ। কৃষ্ণৰ চৰণ পঙ্কজ বিনাই হৰি হৰি হৰি হৰি, মই অনাথৰ গতি নাহি নাহি আৰ।। ১০০। প্রার্থনা। অচিন্ত অনন্ত শকতিৰ পতি, হৰি হৰি হৰি হৰি, তুমি কৃপাময় দেৱ অগতিৰ গতি। তুমি সত্য সনাতন সদাশি, হৰি হৰি হৰি হৰি, তােমাৰ চৰণে মাগােহে। নিৰ্ম্মল ৰতি। ১৩১। হে হৰি মােৰ মুখে ন চাডােক, হৰি হৰি হৰি হৰি, পৰা নিৰ্ম্মল তযু গুণ নাম যশ। কৰা কৃপা কৃষ্ণ মনত মিলােক হৰি হৰি হৰি হৰি, তযুপদ সেৱা পৰম অমিয়া ৰস ১৩২ জয় জয় ৰাম করুণাসাগৰ, মােক নাৰায়ণ ইবাৰ কৰিযে, দায়া। অভয় চরণে শৰণ পশিলেও, প্রভু দামােদৰ দূৰ কৰা